/asomiyapratidin/media/media_files/2025/03/21/T5XZZFc4IZfj7Cht9D2B.jpg)
ডিজিটেল ডেস্কঃ দেশত ডিজিটেল লেনদেনৰ পৰিমাণৰ বৃদ্ধি পোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ সিদ্ধান্তই সকলো খেলিমেলি লগাইছে। কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে এই ক্ষেত্ৰখনত প্ৰায় ৬০০কোটি টকাৰ লোকচানৰ আশংকা কৰা হৈছে।
দৰাচলতে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে, চৰকাৰে ডেবিট কাৰ্ডৰ ৰাজসাহায্যৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব। এই সিদ্ধান্তৰ বাবে ডিজিটেল পেমেণ্ট উদ্যোগে প্ৰায় ৫০০-৬০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে।
যোৱা বুধবাৰে অনুষ্ঠিত হোেৱা কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ইউপিআই পৰিশোধৰ ক্ষেত্ৰত ৰাজসাহায্যৰ বাবে মাত্ৰ ১৫০০ কোটি টকাহে ২৫ বিত্তীয় বৰ্ষতহে আবণ্টন দিছে। বিগত বছৰত এই পৰিমাণ ৩৬৮১ কোটি টকা হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ ধন আবণ্টনৰ পৰিমাণ প্ৰায় ৫৫০০ কোটি টকা হ’ব বুলি আশা কৰিছিল সকলোৱে।
ইউপিআই আৰু ৰুপে ডেবিট কাৰ্ডত শূন্য-মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ)ৰ আদেশৰ বাবে বেংক আৰু ফিনটেকসমূহে হোৱা ৰাজহ লোকচানৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰে ডিজিটেল পেমেণ্টৰ ওপৰত ৰাজসাহায্য আগবঢ়াই আহিছিল। উল্লেখ্য যে, এমডিআৰ হৈছে ডিজিটেল পেমেণ্ট সমৰ্থন কৰাৰ বাবে ব্যৱসায়ীসকলে বেংকক দিয়া মাচুল।