ডিজিটেল ডেস্কঃ ১৭দিনীয়া এখন নাটকৰ যৱনিকা পৰিল। এই নাটক ৰচনা কৰিছিল স্বামীহন্তা সোনম ৰঘুবংশীয়ে। হনিমুনৰ বাবে শ্বিলঙলৈ আহি স্বামীক ৩জন লোকৰ হতুৱাই হত্যা কৰি পলাই থকা সোনমক অৱশেষত গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। বিয়াৰ এমাহ নৌহওতেই কিয় স্বামীক এনে নৃশংসতাৰে হত্যা কৰিলে সোনমে, সেই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী লোকৰ মনত উদয় হৈছে।
২০২৫ৰ ১১মেত ইন্দোৰত উলহ-মালহেৰে বিবাহ সম্পন্ন হৈছিল সোনম আৰু ৰাজা ৰঘুবংশীৰ। দুয়োটা পৰিয়াল আৰু দুয়োগৰাকীৰ মত সাপেক্ষেই এই বিয়া হৈছিল। ইয়াৰ পিছতে ২২মে, ২০২৫ত তেওলোক আহিছিল শ্বিলঙলৈ। শ্বিলঙৰ এটা হোম ষ্টেত আছিল দুয়ো।
ইয়াৰ পিছতে ২৩মে, ২০২৫ত চেৰাপুঞ্জীৰ সমীপৰ নৌগ্ৰীট গাৱলৈ ৰাওনা হৈছিল দুয়ো। এখন স্কুটীৰে দুয়ো ৰাওনা হৈছিল উক্ত স্থানলৈ। তাৰ পিছতে সন্ধানহীন হৈ আছিল দুয়ো। চেৰাপুঞ্জীৰ দ খাৱৈতে উদ্ধাৰ হৈছিল সোনমৰ জাকেটটো। জাকেটত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল তেজৰ দাগ। তাৰ পিছতে মেঘালয় আৰক্ষীৰ মনত সন্দেহ উপজিছিল।
ৰাজা আৰু সোনম ২৩ মে’ তাৰিখে শ্বিলঙত হানিমুনৰ শেষ দিনটো পাৰ কৰি আছিল। সেই দিনা দুপৰীয়া ১:১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ লগত ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতে, নিশা ১২:৩৭ বজাত সোনমেও তেওঁৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড কথা পাতিছিল। পৰিয়ালৰ মতে, তেওঁলোক পাহাৰখনৰ পৰা উভতি আহি আছিল, আৰু এই সময়ছোৱাত ইজনে সিজনৰ লগত শেষবাৰৰ বাবে ফোনযোগে কথা পাতিছিল।
সকলোৱে ভাৱিছিল কোনো দুৰ্বৃ্ত্তই দুয়ো নৱদম্পত্তিক হত্যা কৰিলে। কিন্তু ঘটনা অৱশেষত ওলাল বিপৰীতহে। ৩হত্যাকাৰীৰ সৈতে গাজিপুৰৰ ধাবাত পত্নী সোনমক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। তাৰ পিছতে ওলাল জোলোঙাৰ মেকুৰী। আৰক্ষীৰ সন্মুখত সোনমে লাহে লাহে মুখ খুলিছে।
সোনমে সদৰি কৰিছে যে, তেওৰ পৰিকল্পনাতে স্বামী ৰাজাক হত্যা কৰা হল। এই ৩হত্যাকাৰীৰ ভিতৰত আছে সোনমৰ পৰকীয়া প্ৰেমিকো। তেওৰ নাম ৰাজ কুশৱাহা। ৰাজ কুশৱাহাৰ সৈতে মিলি চেৰাপুঞ্জীত হত্যা কৰা হৈছিল স্বামী ৰাজাক। ইতিমধ্যে উক্ত যুৱকগৰাকীকো সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰৰ সময়ত উক্ত কাশী ধাবাখনত একেলগে আছিল ৰাজ কুশৱাহা আৰু সোনম। ইফালে সোমনৰ পৰিয়ালে এই সমগ্ৰ কাণ্ডত তৃতীয় পক্ষৰ হাত বুলি কৈ আৰক্ষীৰ গালৈ হে দোষ ঠেলিছে। আৰক্ষীৰ সোধা-পোচাত আৰু অধিক তথ্য পোহৰলৈ আহিব।