/asomiyapratidin/media/media_files/2025/01/24/GMkEZLOtcrOiHktektX7.jpg)
ডিজিটেল ডেস্কঃ সামগত গণতন্ত্ৰ দিৱস ।সমগ্ৰে দেশে দেওবাৰে পালন কৰিব গণতন্ত্ৰ দিৱস । নতুন দিল্লীত গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত । দিল্লীত কেন্দ্ৰীয়ভাৱে ভাৰত চৰকাৰে উদযাপন কৰিব গণতন্ত্ৰ দিৱস ।
উল্লেখযোগ্য যে এইবেলি গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতি প্ৰবও চুবিয়ান্ত । সেই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকী বৃহস্পতিবাৰে নিশা নতুন দিল্লীত পদাৰ্পন কৰে ।
ভাৰত চৰকাৰৰ হৈ ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক নতুন দিল্লীত আদৰণি জনায় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।