/asomiyapratidin/media/media_files/2025/07/09/351-2025-07-09-17-42-20.jpg)
ডিজিটেল ডেস্ক : বিপদে লগ এৰা নাই বিমানক ! এয়াৰ ইণ্ডিয়াৰ পাছত এইবাৰ ইণ্ডিগ’ বিমান সংস্থাৰ এখন বিমান সন্মুখীন হয় অনাকাঙ্খিত ঘটনাৰ। বুধবাৰে পুৱা ৮-২৮ বজাত সংঘটিত হয় আন এক ঘটনা।
এইবাৰ উৰন্ত বিমানত চৰায়ে মাৰিলে খুন্দা। বুধবাৰে পাটনাৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা কৰা ইণ্ডিগ’ৰ ৬ ই ৫০০৯ নম্বৰৰ বিমানখনত এটা চৰাই আহি অকাস্মাতে খুন্দা মাৰি দিয়ে। ফলত কঁপি উঠে বিমানখন আৰু ভিতৰত থকা যাত্ৰীসকল আতংকিত হৈ পৰে।
অৱশ্যে চৰাইটোৱে খুন্দা মৰাৰ সংকেত লাভ কৰি নিয়ন্ত্ৰণ কক্ষৰ পৰা পাইলটক বিমানখন জৰুৰীভাৱে অৱতৰণ কৰাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱে’ত বিমানখন অৱতৰণ কৰায়।
উল্লেখযোগ্য যে, পাটনাৰ পৰা পুৱা ৮-২৮ বজাত উৰা মৰা বিমানখন ৩৫ মিনিট পাছত অৰ্থাৎ ৯-০৩ বজাত অৱতৰণ কৰাই পাইলটে। বিমানখনত আছিল ১৭৫ গৰাকী যাত্ৰী ৷ অৱশ্যে বিমানখনত চৰাইটোৱে খুন্দা মৰাৰ পাছতে মৃত্যু হয় বুলি বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।