/asomiyapratidin/media/media_files/2025/12/22/1-2025-12-22-13-00-34.jpg)
ডিজিটেল ডেস্কঃ বিমান সেৱাত হোৱা বিসংগতি আৰু যাত্ৰীৰ দুৰ্ভোগৰ বাবে ক্ষমা বিচাৰিছে ইণ্ডিগ’ এয়াৰ লাইঞ্চে। শেহতীয়াকৈ কাৰিকৰী বিজুতি বা অন্যান্য কাৰণত বিমান বাতিল হোৱাত যাত্ৰীসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ইণ্ডিগ’ কৰ্তৃপক্ষই। অহা ২৬ ডিচেম্বৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব।
বিগত সময়ছোৱাত যিসমূহ বিমান বাতিল হৈছিল বা অত্যধিক পলম হোৱাৰ বাবে যাত্ৰীসকলে বিমানবন্দৰত হাৰাশাস্তি খাবলগীয়া হৈছিল, সেইসকল যাত্ৰীয়েই এই ক্ষতিপূৰণৰ বাবে যোগ্য বিবেচিত হ’ব। ইণ্ডিগ’ই ভুক্তভোগী যাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিক অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ১০,০০০ টকাৰ ভাউচাৰ প্ৰদানৰ ঘোষণা কৰিছে।
এই ১০,০০০ টকীয়া ভাউচাৰসমূহ যাত্ৰীসকলে পৰৱৰ্তী সময়ত ইণ্ডিগ’ৰ বিমানৰ টিকট বুকিং কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ফলত যাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যত ভ্ৰমণত এক বুজন পৰিমাণৰ ৰেহাই লাভ কৰিব। ইণ্ডিগ’ৰ এই পদক্ষেপে যাত্ৰীসকলৰ অসন্তুষ্টি কিছু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। চৰকাৰী নিৰ্দেশনা আৰু যাত্ৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যেই বিমান সংস্থাসমূহে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us