/asomiyapratidin/media/media_files/2025/05/23/Z2cEOgmVV5hJEa5dqgy8.jpg)
ডিজিটেল ডেস্কঃ যোৱা বৃহস্পতিবাৰে পাইলটৰ অদম্য সাহস আৰু তীক্ষ্ণ বুদ্ধিৰ বাবেই দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগ' বিমানখন এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিছিল। 6E 2142 নম্বৰৰ ইণ্ডিগো বিমানখনৰ সন্মুখভাগ ভাঙি পৰাৰ ফলত বিমানত থকা প্ৰায় ২শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। শেষত পাইলটে বিমানখন জৰুৰী অৱতৰণ কৰি প্ৰাণৰক্ষা কৰিছিল এই দুই শতাধিক যাত্ৰীৰ। এই শিহৰণকাৰী ঘটনাৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ পিটিআয়ে প্ৰকাশ কৰিছে এক বিশেষ খবৰ ।
পি টি আইত প্ৰকাশিত খবৰ অনুসৰি, যি মূৰ্হুতত বিমানখনৰ সন্মুখভাগ ভাগি পৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই সময়ত পাইলটে বিমানখন জৰুৰী অৱতৰণৰ বাবে বিচাৰিছিল পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ অনুমতি বিচাৰিছিল। কিন্তু লাহোৰস্থিত পাকিস্তানৰ এয়াৰ ট্ৰেফিক কন্ট্ৰল ৰূমৰ পৰা এই ভাৰতৰ এই বিমানখন পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল।
পাকিস্তানৰ এই নিকৃষ্ট কাণ্ডৰ বাবে শেহতীয়াকৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যি সময়ত জীৱন-মৃত্যুৰ সৈতে ২শতাধিক যাত্ৰীয়ে হাহাকাৰ কৰি পাকিস্তান সহায় বিচাৰিছিল, তেনে সময়ত পাকিস্তানৰ এনে কৰ্মকাণ্ডই পুনৰ ক্ষোভিত কৰিছে ভাৰতবাসীক।
অৱশ্যে পাকিস্তানে অনুমতি প্ৰদান নকৰিলেও এই বিমানখনে অমৃতসৰৰ ওপৰেৰে উৰি শ্ৰীনগৰত জৰুৰী অৱতৰণ কৰিছিল।