বিশ্বৰ আটাইতকৈ মূল্যৱান বিমান সংস্থা হিচাপে পৰিগণিত ইণ্ডিগ'...

বিশ্বৰ আটাইতকৈ মূল্যবান বিমান সংস্থা হিচাপে পৰিগণিত হৈছে ভাৰতৰ ইণ্ডিগো বিমান সংস্থা। তাৰোপৰি ইণ্ডিগো বিমান সংস্থাই বিশ্ব দৰবাৰত মাইলৰ খুঁটি স্থাপন কৰিবলৈও সক্ষম হৈছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
বিশ্বৰ আটাইতকৈ মূল্যৱান বিমান সংস্থা হিচাপে পৰিগণিত ইণ্ডিগো.

ডিজিটেল ডেস্ক : বিশ্বৰ আটাইতকৈ মূল্যবান বিমান সংস্থা হিচাপে পৰিগণিত হৈছে ভাৰতৰ ইণ্ডিগো বিমান সংস্থা। তাৰোপৰি ইণ্ডিগো বিমান সংস্থাই বিশ্ব দৰবাৰত মাইলৰ খুঁটি স্থাপন কৰিবলৈও সক্ষম হৈছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 

উল্লেখযোগ্য যে প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি মঙলবাৰলৈকে সংস্থাটোৰ বজাৰ মূলধন প্ৰায় ২ লাখ কোটি টকা। যিটো ডেল্টা এয়াৰলাইন আৰু ৰিয়ান এয়াৰ হোল্ডিংছৰ তুলনাত অধিক। 

কেৱল ইমানেই নহয়, বিশ্ব বজাৰত ভাৰতীয় বজাৰে মন্দাৱস্থাৰ সন্মুখীন হোৱাৰ সময়তো এই পৰ্যন্ত ইণ্ডিগ’ৰ শ্বেয়াৰ ১৩% পৰ্যন্ত বৃদ্ধি পাইছে। মনকৰিবলগীয়া যে, ভাৰতীয় বিমান পৰিবহণ খণ্ডত ৬২% বজাৰ অংশীদাৰিত্বৰে ইণ্ডিগো হৈছে অন্যতম কাৰ্যক্ষম কম খৰচী বিমান পৰিবহণ।

ইণ্ডিগ' বিমান