১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত পুনৰ স্বাভাৱিক হ'ব ইণ্ডিগ'ৰ বিমান সেৱা

 নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিমানবন্দৰত সৃষ্টি হোৱা অসুবিধাজনক পৰিস্থিতি স্বাভাৱিক কৰা আৰু এই ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে সক্রিয়ভাৱে যোগাযোগ ৰক্ষা কৰা হৈছে।

New Update
new ap web 1 (25)

ডিজিটেল ডেস্কঃ  ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱা সামান্য উন্নত হৈছে। আজি বিমানবন্দৰত যাত্ৰীসকলে অপেক্ষা কৰিবলগীয়া নহ'বও পাৰে বুলি আশা প্রকাশ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে।

 নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিমানবন্দৰত সৃষ্টি হোৱা অসুবিধাজনক পৰিস্থিতি স্বাভাৱিক কৰা আৰু এই ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে সক্রিয়ভাৱে যোগাযোগ ৰক্ষা কৰা হৈছে।

 শ্রীনাইডুৱে কয়, অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে সকলো বিমানবন্দৰ আৰু বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি শিশু, মাতৃ, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছে।

ইপিনে সমগ্র দেশতে ইণ্ডিগ'ৰ বহুসংখ্যক বিমানৰ সেৱা বাতিল হোৱাৰ ফলত যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিগ'ৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাছে ক্ষমা বিচাৰিছে। এটা ভিডিঅ' বার্তাত শ্রীএলবাছে কয়, বিগত কেইটামান দিনত বিমান পৰিবহণ সংস্থাটোৱে গুৰুতৰ পৰিচালন সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত বিশেষকৈ কালিৰ দিনটোত এহেজাৰৰো অধিক বিমান বাতিল কৰিবলগীয়া হয়।

তেওঁ কয়, অহা ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত ইণ্ডিগ'ৰ বিমান সেৱা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে। দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ' এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত কালিও সমগ্র দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা অচল হৈ থকাত যাত্রীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

 গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰতো ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্রা বাতিল কৰা হয় আৰু আন কেইবাখনো বিমান যথেষ্ট পলমকৈ চলাচল কৰে। ইণ্ডিগ' কর্তৃপক্ষই তেওঁলোকৰ বিমানসমূহৰ যাত্রা বাতিল অথবা সময়সূচী সলনি সম্পর্কত কোনো আগতীয়া তথ্য প্ৰকাশ নকৰাৰ বাবে বিমানবন্দৰত বিশৃংখলতাৰ সৃষ্টি হয়।

ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু ইটানগৰৰ সমীপৰ হলংগি বিমানবন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্রা বাতিল হোৱাৰ ফলত যাত্ৰীসকলে দুর্ভোগ ভূগিবলগীয়া হয়।

ইণ্ডিগ’ বিমান