/asomiyapratidin/media/media_files/2025/07/17/web2-2025-07-17-13-55-43.jpg)
ডিজিটেল ডেস্ক : বিপদে লগা এৰা নাই দেশৰ অসামৰিক বিমান পৰিবহণ সংস্থাক! এয়াৰ ইণ্ডিয়াৰ সেই বিমান দুৰ্ঘটনাৰ পাছৰে পৰা প্ৰায়ে বিমানসমূহত দেখা দিছে নানা আহুকালে।
এইবাৰ বুধবাৰে নিশা মাজ আকাশত ইণ্ডিগ'ৰ এখন বিমানত ঘটিল আন এক অঘটন। উৰি থকা অৱস্থাতে ইণ্ডিগ'ৰ এখন বিমানৰ ইঞ্জিন বিকল হৈ পৰে ৷
উল্লেখযোগ্য যে, উক্ত বিমানখন দিল্লীৰ পৰা গোৱা অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই কাণ্ড ৷ বিমানখনৰ নম্বৰ হৈছে 6E 6271। নিশা প্ৰায় ৯-৫২ বজাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ততাতৈয়াকৈ বিমানখনৰ ইমাৰ্জেন্সী লেণ্ডিং কৰোৱা হয় মুম্বাই বিমান বন্দৰত ৷
এই সম্পৰ্কত ইণ্ডিগ'ৰ মুখপাত্ৰই কয়- "দিল্লীৰ পৰা গোৱা অভিমুখী এই বিমানখনৰ কিছু কাৰিকৰী বিজুতি ধৰা পৰে ৷ যাৰ বাবে 'ফুল ইমাৰ্জেন্সী'ঘোষণা কৰা হয় আৰু বিমানখনখনৰ যাত্ৰাপথ সলনি কৰি জৰুৰীভাৱে মুম্বাই বিমান বন্দৰত অৱতৰণ কৰোৱা হয় ৷"
অৱশ্যে বিমানখনৰ এই বিজুতি ঘটিলেও যাত্ৰীসকলক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয় আৰু আন এখন বিমানেৰে তেওঁলোকৰ যাত্ৰা সম্পূৰ্ণ কৰোৱা হয় ৷