আহমেদাবাদৰ পৰা উৰা মৰা ইণ্ডিগোৰ বিমানৰ ইঞ্জিনত অগ্নিকাণ্ড...

আহমেদাবাদৰ পৰা উৰা আন এখন বিমান আজি ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। উৰণ আৰম্ভ হোৱাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে বিমানখনে প্ৰেৰণ কৰিবলগীয়া হ’ল মে' ডে কল।

author-image
Tushar Pratim
New Update
আহমেদাবাদৰ পৰা উৰা মৰা  ইণ্ডিগোৰ বিমানৰ ইঞ্জিনত অগ্নিকাণ্ড...

ডিজিটেল ডেস্কঃ আহমেদাবাদৰ পৰা উৰা আন এখন বিমান আজি ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। উৰণ আৰম্ভ হোৱাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে বিমানখনে প্ৰেৰণ কৰিবলগীয়া হ’ল মে' ডে কল। জানিব পৰা মতে ইণ্ডিগোৰ এই বিমানখনে যাত্ৰা আৰম্ভ কৰাৰ পিছতে অগ্নিকাণ্ডৰ সন্মুখীন হয়। 

Advertisment

আজি আহমেদাবাদৰ পৰা ডিউলৈ উৰণ আৰম্ভ কৰিছিল ইণ্ডিগোৰ 6E7966 নম্বৰৰ বিমানখনে উৰণ আৰম্ভ কৰাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে অগ্নিকাণ্ডৰ সংঘটিত হয়। ৰাণৱে ত্যাগ কৰাৰ পিছতে বিমানখনৰ পাইটে এই অগ্নিকাণ্ডৰ বিষয়ে অৱগত হয় আৰু তেওঁ মে' ডে কল প্ৰেৰণ কৰিবলৈ বাধ্য হয়। অৱশ্যে বিমানখনে নিৰাপদে পুনৰ অৱতৰণ কৰে আৰু সকলো যাত্ৰীক সুৰক্ষিত ভাৱে বিমানখনৰ পৰা উদ্ধাৰ কৰ হয়। বিমানখনত আছিল মুঠ ৬০ জন যাত্ৰী। 

এই সন্দৰ্ভত বিমান সংস্থাটোৰ মুখপাত্ৰই এক বিবৃতিত কয় যে, "আহমেদাবাদৰ পৰা ডিউলৈ যোৱা ইণ্ডিগোৰ এখন বিমানত কাৰিকৰী বিজুতি ঘটিছিল। নিয়ম অনুসৰি পাইলটে কৰ্তৃপক্ষক অৱগত কৰি বিমানখন পুনৰ ৰাণৱেলৈ নমাই আনে। বিমানখনৰ প্ৰয়োজনীয় পৰীক্ষা কৰা হ'ব। তাৰ পিছত ইয়াক পুনৰ সেৱাৰ বাবে নিয়োগ কৰা হ'ব।"

উল্লেখ্য যে, বুধবাৰে পুৱা ১১ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ইণ্ডিগোৰ এই বিমানখনে। বিবৃতিটোত আৰু কোৱা হৈছে যে, "যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আমি ক্ষমা বিচাৰিছো। পৰৱৰ্তী বিমানৰ ব্যৱস্থা নোহোৱালৈকে তেওঁলোকৰ খাদ্য আৰু থকাৰ ব্যৱস্থা কৰা হৈছে। কোনোবাই ইচ্ছা কৰিলে যাত্ৰা বাতিল কৰিও সম্পূৰ্ণ ধন ঘূৰাই ল’ব পাৰিব।"

ইয়াৰ পূৰ্বে সোমবাৰে গোৱাৰ পৰা ইন্দোৰ অভিমুখী ইণ্ডিগোৰ আন এখন বিমানেও যান্ত্ৰিক বিজুতিৰ সন্মুখীন হৈছিল। 

ইণ্ডিগ' বিমান আহমেদাবাদ