Advertisment

চলিত বৰ্ষত ৪% বৃদ্ধিৰে অভিলেখ ভাৰতীয় হোৱাইট কলাৰ বজাৰখনৰ...

চাকৰিৰ বজাৰখনে নতুন বছৰটো ইতিবাচক ৰূপত আৰম্ভ কৰিছে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী দুয়োটা মাহত ইতিবাচক বৃদ্ধিৰে ভাৰতীয় হোৱাইট কলাৰে অভিলেখ গঢ়িছে।

author-image
Asomiya Pratidin
New Update
্ি

ডিজিটেল ডেস্কঃ  ক্ৰমাত আশাবাদী হৈ উঠিছে ভাৰতীয় হোৱাইট কলাৰৰ বজাৰ। শেহতীয়াকৈ প্ৰকাশ পোৱা নাউক্ৰী জবস্পিক সূচকাং অনুসৰি, ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় হোৱাইট কলাৰৰ চাকৰিৰ বজাৰখন ৪% বৃদ্ধি পাইছে।

Advertisment

প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰিয়েল এষ্টেট খণ্ডৰ বিনিয়োগে এই নিযুক্তি বৃদ্ধিত হাত উজান দিছে। ফলস্বৰূপে চাকৰিৰ বজাৰখনে নতুন বছৰটো যোগাত্মকভাৱে আৰম্ভ কৰিছে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ইতিবাচক বৃদ্ধিৰে ভাৰতীয় হোৱাইট কলাৰে অভিলেখ গঢ়িছে।

নাউক্ৰিৰ মুখ্য ব্যৱসায়িক বিষয়া পৱন গোৱালে কয় যে, ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই বজাৰখন ৮ শতাংশ হ্ৰাস পাইছিল ইয়াৰ তুলনাত চলিত বছৰত অধিক আশাব্যঞ্জক ৰূপ দেখা গৈছে। এআই/এমএলৰ লগতে ৰিয়েল এষ্টেটৰ দৰে খণ্ডই বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হোৱাটো উৎসাহজনক।

ভাৰতীয় হোৱাইট কলাৰ