বিশ্বৰ শীৰ্ষ ৰিয়েল টাইম পেমেণ্ট চিষ্টেমত উপনীত হ'ল ভাৰতৰ ইউ পি আই...

২০২৫ চনৰ জুন মাহত ১৮.৩৯ বিলিয়ন ইউ পি আই লেনদেন কৰা হৈছিল, যাৰ পৰিমাণ আছিল ২৪ লাখ কোটি টকা। যোৱা বছৰৰ একে মাহৰ তুলনাত বছৰৰ পিছত বছৰ ধৰি লেনদেনৰ শতকৰা হাৰ ৩২ শতাংশ বৃদ্ধি পাই ১৩.৮৮ বিলিয়ন হৈছে।

author-image
Asomiya Pratidin
New Update
web ap upi (1)

ডিজিটেল ডেস্কঃ  আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ শেহতীয়া টোকা অনুসৰি ভাৰতৰ ৰিয়েল টাইম পেমেণ্ট প্ৰযুক্তি ইউ পি আই (ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ) ভিছাক অতিক্ৰম কৰি বিশ্বৰ আগশাৰীৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আই এম এফৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ৮৫ শতাংশ ডিজিটেল পেমেণ্ট আৰু বিশ্বজুৰি প্ৰায় ৬০ শতাংশ ডিজিটেল পেমেন্ট ইউ পি আইৰ জৰিয়তে হয়।

Advertisment

এই সন্দৰ্ভত ভিছাৰ মুৰব্বীগৰাকীয়ে কয় যে, ইউ পি আইয়ে প্ৰতিদিনে ৬৪ কোটিৰো অধিক লেনদেন চম্ভালি আছে। তেওঁ আৰু কয় যে, ২০২৫ চনৰ জুন মাহত ১৮.৩৯ বিলিয়ন ইউ পি আই লেনদেন কৰা হৈছিল, যাৰ পৰিমাণ আছিল ২৪ লাখ কোটি টকা। যোৱা বছৰৰ একে মাহৰ তুলনাত বছৰৰ পিছত বছৰ ধৰি লেনদেনৰ শতকৰা হাৰ ৩২ শতাংশ বৃদ্ধি পাই ১৩.৮৮ বিলিয়ন হৈছে।

আই এম এফৰ প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ এতিয়া বিশ্বৰ এক নম্বৰ ৰিয়েল টাইম পেমেণ্ট চিষ্টেম। দৈনিক লেনদেনৰ ক্ষেত্ৰত ই ভিছাক অতিক্ৰম কৰিছে।

ইউ পি আইয়ে প্ৰতিদিনে ৬৪ কোটিতকৈ অধিক লেনদেন চম্ভালে, আনহাতে ভিছাই ৬৩ কোটি ৯০ লাখ লেনদেন চম্ভালে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই সংখ্যা অসাধাৰণ,কাৰণ ইউ পি আইয়ে মাত্ৰ ৯ বছৰৰ ভিতৰতে এই কৃতিত্ব অৰ্জন কৰিছে।


ইউ পি আই