Advertisment

২৪-২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল-অক্টোবৰত ভাৰতৰ বস্ত্ৰ ৰপ্তানি ৭ % বৃদ্ধি...

বৃহস্পতিবাৰে চৰকাৰে প্ৰকাশ কৰা অনুসৰি এপ্ৰিল-অক্টোবৰৰ সময়ছোৱাত হস্তশিল্পকে ধৰি ভাৰতৰ বস্ত্ৰ আৰু পোছাক ৰপ্তানি ৭ শতাংশ বৃদ্ধি পাই ২১.৩৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে চৰকাৰে প্ৰকাশ কৰা অনুসৰি এপ্ৰিল-অক্টোবৰৰ সময়ছোৱাত হস্তশিল্পকে ধৰি ভাৰতৰ বস্ত্ৰ আৰু পোছাক ৰপ্তানি ৭ শতাংশ বৃদ্ধি পাই ২১.৩৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে । পূৰ্বৰ বিত্তীয় বৰ্ষ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এই খণ্ডৰ পৰা ৰপ্তানি পৰিমাণ আছিল ২০ বিলিয়ন মাৰ্কিন ডলাৰ।

Advertisment

২০২৪-২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল-অক্টোবৰৰ সময়ছোৱাত মুঠ ৰপ্তানিৰ (২১,৩৫৮ মিলিয়ন মাৰ্কিন ডলাৰ) ৮,৭৩৩ মিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিৰ সৈতে ৰেডি মেড গাৰ্মেণ্টছ (আৰ এম জি) শিতানে সৰ্বাধিক অংশ (৪১ শতাংশ) অধিগ্ৰহণ কৰিছে ।  তাৰ পিছতে কটন টেক্সটাইলছৰ' (৩৩ শতাংশ, ,০৮২ মিলিয়ন মাৰ্কিন ডলাৰ), মানৱ নিৰ্মিত বস্ত্ৰশিল্পই ১৫ শতাংশৰে মাৰ্কিন ডলাৰ ৩,১০৫ মিলিয়ন স্পৰ্শ কৰা বুলি  বস্ত্ৰ মন্ত্ৰালয়ে সদৰী কৰে ।

২০২৪-২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিল-অক্টোবৰৰ ভিতৰত সকলো মূল সামগ্ৰীতে ৰপ্তানিৰ বৃদ্ধি দেখা গৈছে।  ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট সময়ছোৱাৰ তুলনাত ঊল আৰু হস্ততাঁতৰ বাহিৰে সকলো সামগ্ৰীতে ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাইছিল ।ঊলৰ ১৯ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে হস্ততাঁতত ৬ শতাংশ হ্ৰাস পোৱা বুলি সদৰী কৰে বস্ত্ৰ মন্ত্ৰালয়ে ।

ৰপ্তানি