/asomiyapratidin/media/media_files/2025/03/07/PiqaOrzWoYBVfKKVdo0a.jpg)
ভাৰতৰ দূৰসংযোগ খণ্ডত ইণ্টাৰনেট ব্যৱহাকাৰীৰ সংখ্যা ৯৩৬.১৬ মিলিয়ন
ডিজিটেল ডেস্ক : ভাৰতৰ দূৰসংযোগ খণ্ডই মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৯৩৬.১৬ মিলিয়ন আৰু সামগ্ৰিকভাৱে টেলিকখণ্ডত গ্ৰাহকৰ হাৰ ৮৫.৬৯ শতাংশ হৈছে।
বৰ্তমান বিশ্বজুৰি দ্বিতীয় বৃহত্তম দেশ হিচাপে ভাৰতৰ টেলিকম নেটৱৰ্কে তাঁৰবিহীন আৰু ব্ৰডবেণ্ড চাবস্ক্ৰিপচনৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে। আনহাতে এই বৃদ্ধিৰ ফলত বিদেশী বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। তাৰোপৰি দূৰসংযোগ খণ্ডই ৫ জি আৰু ৬জি প্ৰযুক্তিৰ দিশতো আগবঢ়া পৰিলক্ষিত হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ৰ মাৰ্চলৈকে মুঠ গ্ৰাহকৰ সংখ্যা ১১৯৯.২৮ মিলিয়নলৈ বৃদ্ধি পাইছে। যিটো পূৰ্বৰ বছৰৰ তুলনাত যথেষ্টখিনি হাৰত বৃদ্ধি পাইছে। সমান্তৰালকৈ এই উত্থানৰ ফলত তাঁৰবিহীন খণ্ডই বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈও সক্ষম হৈছে।
ইফালে শেহতীয়া সমীক্ষা অনুসৰি মুঠ টেলিফোন চাবস্ক্ৰিপচনৰ হাৰ হৈছে ৯৭.২%। গ্ৰাম্যাঞ্চলতো দূৰসংযোগ ব্যৱস্থাই ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষ্যণীয়ভাৱে ২০২৪ৰ মাৰ্চত গ্ৰাম্যাঞ্চলত ইয়াৰ ঘনত্ব হৈছে ৫৯.১৯ শতাংশ।
এই বৃদ্ধিয়ে সমগ্ৰ ভাৰতৰ বিভিন্ন ভৌগোলিক অঞ্চলত ডিজিটেল অন্তৰ্ভুক্তি বৃদ্ধি পোৱাৰ ইংগিত প্ৰদান কৰে। চৰকাৰৰ ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰু প্ৰডাকচন লিংকড ইনচেণ্টিভ চমুকৈ পি এল আই আঁচনিয়ে এই খণ্ডৰ বৃহৎ উন্নয়নৰ সূচনা কৰিছে।
পিএলআই আঁচনিয়ে বিশেষভাৱে ঘৰুৱা টেলিকম সঁজুলি নিৰ্মাণ আৰু ৰপ্তানি প্ৰসাৰক লক্ষ্য কৰি লৈছে। আনহাতে টেলিকম খণ্ডত এতিয়া ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, সম্প্ৰতি ইণ্টাৰনেট ব্যৱহাকাৰীৰ হাৰ বৃদ্ধিও দ্ৰুতগতিত অব্যাহত আছে। ২০২৫ৰ ভিতৰত ইয়াৰ পৰিমাণ ৯০ কোটি হ’ব বুলি আশা কৰা হৈছে। এই বৃদ্ধিৰ মূল কাৰণ হৈছে তাঁৰবিহীন ব্ৰডবেণ্ড গ্ৰাহক, ৰিলায়েন্স জিঅ’ই বজাৰ অংশীদাৰিত্ব, ভাৰতী এয়াৰটেল, ভোডাফোন আইডিয়া আৰু বিএছএনএলৰ সঠিক ৰূপৰেখা।