/asomiyapratidin/media/media_files/2024/12/11/8YOp10gPBOS9DmLWMv0G.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত ভাৰতৰ চাহৰ চাহিদাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিদেশত ভাৰত তথা উত্তৰ-পূবৰ বেছ চাহিদা আছে। শেহতীয়াকৈ টি বৰ্ডে জাৰি কৰা এক তথ্য অনুসৰি, ডুবাই আৰু ইৰাকৰ দৰে দেশত চাহিদা বৃদ্ধি পাইছে ভাৰতৰ চাহৰ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ভাৰতৰ চাহ ৰপ্তানিৰ পৰিমাণ ৮.৬৭ শতাংশ আৰু মূল্য ১৩.১৮ শতাংশ বৃদ্ধি পাইছে।
ইফালে টি বৰ্ডৰ এই তথ্যত ভাৰতৰ চাহৰ মৃল্য বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰা হৈছে। বিদেশলৈ ৰপ্তানি হোৱা চাহৰ প্ৰতি ইউনিটৰ মৃল্য ৪শতাংশৰ পৰা ১৩শতাংশলৈ বৃদ্ধি পাইছে। ভাৰতীয় টি বৰ্ডে শেহতীয়াকৈ সিদ্ধান্ত লৈছে যে, বিদেশলৈ চাহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে আৰু অধিক গুৰুত্ব প্ৰদান কৰিব।