Advertisment

প্ৰীমিয়াম ডিভাইছৰ প্ৰতি আকৰ্ষণ বৃদ্ধি ভাৰতীয় গ্ৰাহকৰ

২০২৪ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ত্ৰৈমাসিকত ভাৰতৰ টেবলেট, পিচি বজাৰ ৪৬ শতাংশ বৃদ্ধি পাইছে। চাইবাৰ মিডিয়া ৰিছাৰ্চ নামৰ বজাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে এই তথ্য প্ৰকাশ কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি বজাৰত এপেলৰ আইপেড ৩৬ শতাংশ শ্বেয়াৰ লৈ শীৰ্ষত আছে। 

author-image
Asomiya Pratidin
New Update
ভাৰতৰ টেবলেট পিচিৰ বজাৰ ৪৬ শতাংশ বৃদ্ধি

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ত্ৰৈমাসিকত ভাৰতৰ টেবলেট, পিচি বজাৰ ৪৬ শতাংশ বৃদ্ধি পাইছে। চাইবাৰ মিডিয়া ৰিছাৰ্চ নামৰ বজাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে এই তথ্য প্ৰকাশ কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি বজাৰত এপেলৰ আইপেড ৩৬ শতাংশ শ্বেয়াৰ লৈ শীৰ্ষত আছে। 

Advertisment

তথ্য অনুসৰি ২০ হাজাৰৰ পৰা ৩০ হাজাৰৰ মাজত থকা টেবলেটৰ মডেলসমূহত বাৰ্ষিক বিক্ৰীৰ হাৰ ১০৮ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে। ইয়াৰ পৰা ভাৰতীয় গ্ৰাহকসকলৰ প্ৰীমিয়াম ডিভাইছৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ এক ইংগিত পোৱা গৈছে।

গৱেষণা প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ প্ৰতিবেদনত পুনৰ কৈছে ভাৰতৰ টেবলেটৰ বজাৰত ২০২৪ চনৰ তৃতীয় ত্ৰৈমাসিকত ৭৯ শতাংশ বিক্ৰী বৃদ্ধি হৈছে। এই বৃদ্ধিৰ মূলতে হৈছে ৫ জি টেবলেটৰ দ্ৰুত গ্ৰহণযোগ্যতা আৰু প্ৰিমিয়াম ডিভাইছৰ প্ৰতি উপভোক্তাৰ অধিক আকৰ্ষণ।

২০২৪ ৰ বাৰ্ষিক বৃদ্ধিত এপেলে ৩৪ শতাংশ বজাৰ শ্বেয়াৰ দখল কৰি শীৰ্ষত আৰোহণ কৰিছে। প্ৰতিষ্ঠানটোৰ বাৰ্ষিক বৃদ্ধি ৯৫ শতাংশ। নতুন এপল আইপেড ১০ ছিৰিজৰ জৰিয়তে এপলে তেওঁলোকৰ শ্বিপমেণ্টৰ ৬০ শতাংশ অৰ্জন কৰিছে।

দ্বিতীয় স্থানত আছে ছেমছাং। ছেমছাঙৰ বাৰ্ষিক বজাৰ শ্বেয়াৰ ২৫ শতাংশৰ পৰা ৭০ শতাংশলৈ বৃদ্ধি পাইছে। ছেমছাঙৰ Galaxy A9 Plus 5G মডেলে প্ৰতিষ্ঠানটোৰ শ্বিপমেণ্টত ৫২ শতাংশ অৱদান আগবঢ়াইছে।

এই তালিকাৰ তৃতীয় স্থানত আছে Xiomi। যাৰ বজাৰ শ্বেয়াৰ ১৫ শতাংশ আৰু বাৰ্ষিক বৃদ্ধি ১৪৬ শতাংশ।

লেনেভো আৰু ওৱান প্লাছৰ বজাৰ শ্বেয়াৰ হৈছে ক্ৰমে ১২ আৰু ৬ শতাংশ।

চাইবাৰ মিডিয়া ৰিছাৰ্চৰ বিশ্লেষক মেনকা কুমাৰীয়ে এই সন্দৰ্ভত কয়, টেবলেট, পিচি বজাৰত শক্তিশালী বিকাশ প্ৰদৰ্শন অব্যাহত থাকিব আৰু প্ৰিমিয়াম, ভ্যেলু ফৰ মানি টেবলেটৰ বাবে উপভোক্তাৰ চাহিদাও অটুট থাকিব।

ইলেক্ট্ৰনিক ডিভাইছ আইফোন