/asomiyapratidin/media/media_files/2024/11/14/RWemx3Ay2EdwNCJFAnH8.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ Solar Photovoltaic (PV) সামগ্ৰী ৰপ্তানি ২০২৪ বিত্তীয় বৰ্ষত ২৩ গুণ বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষত ভাৰতে ছ’লাৰ পি ভি ৰপ্তানি কৰিছে মুঠ ২ বিলিয়ন ডলাৰ। ২০২২ বৰ্ষত এই পৰিমাণ আছিল মাত্ৰ ৮৭৩ মিলিয়ন ডলাৰ।
এনে কম সময়ৰ ভিতৰতে ভাৰতৰ ছ’লাৰ পি ভি ৰপ্তানিত লাভ কৰা এই সফলতাই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। মাত্ৰ কেইবছৰমানৰ আগলৈকে ভাৰত ছ’লাৰ পি ভি ক্ষেত্ৰত আছিল এখন আমদানিকৃত ৰাষ্ট্ৰ। কিন্তু এতিয়া ভাৰত এই ক্ষেত্ৰত হৈ পৰিল ৰপ্তানিকৃত দেশ।
ইনষ্টিটিউট ফৰ এনাৰ্জী ইকনমিকছ এণ্ড ফাইনেন্সিয়েল এনালাইছিচ আৰু জে এম কে ৰিচাৰ্ছ এণ্ড এনালিটিক্সৰ এক প্ৰতিবেদনত ইয়াৰ সবিশেষ প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি ভাৰতৰ সৌৰ সামগ্ৰী ৰপ্তানিৰ প্ৰধান কেন্দ্ৰ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। ভাৰতৰ পৰা ৰপ্তানি হোৱা সৌৰ সামগ্ৰীৰ ৯৭ শতাংশই যায় আমেৰিকালৈ।
IEEFAৰ দক্ষিণ এছিয়া প্ৰান্তৰ পৰিচালক ভিভূতি গাৰ্গে এই সন্দৰ্ভত কয়, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ওপৰত গুৰুত্ব দিললে ভাৰতীয় PV উৎপাদন উদ্যোগৰ বাবে বৃহৎ সুবিধা হব। ই ভাৰতীয় সৌৰ সামগ্ৰী নিৰ্মাতাসকলৰ মাজত সামগ্ৰীৰ মানদণ্ড আৰু প্ৰতিযোগিতামূলক বৃদ্ধিত সহায় কৰিব।
তেওঁ কয়, ভাৰতৰ সৌৰ উৎপাদন উদ্যোগ দীৰ্ঘম্যাদী পৰ্যায়ত উপনীত হবলৈ, বিশ্বজুৰি এক মূল উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ PV নিৰ্মাতাসকলে তেওঁলোকৰ উৎপাদন শৃংখলাৰ ওপৰত গুৰুত্ব দিব লাগিব। এনে হলে বিশ্ব বজাৰত ভাৰতক এক শক্তিশালীস্থিতি বজাই ৰখাত সহায় কৰিব আৰু ইউৰোপ, আফ্ৰিকা, লেটিন আমেৰিকাৰ দৰে নতুন বজাৰত প্ৰৱেশৰ সুযোগ সৃষ্টি কৰিব।
এই প্ৰতিবেদনে অৱশ্যে নিৰ্মাতাসকলক এই ঘৰুৱা বজাৰৰ চাহিদা আৰু ৰপ্তানি বজাৰৰ চাহিদাৰ মাজত সঠিক ভাৰাসাম্য ৰখাৰ ওপৰতো গুৰুত্ব দিবলৈ সতৰ্ক কৰি দিছে। বিশেষকৈ ঘৰুৱা যোগানৰ ক্ষেত্ৰত যাতে সংকটৰ সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে।