"শক্তিশালী সামাজিক বন্ধন, সহযোগিতা, মানৱীয় মূল্যবোধৰ বাবে ভাৰত বহুত উচ্চ স্থানৰ যোগ্য"

২০২৫ চনৰ বিশ্ব সুখ সূচাংকত ভাৰতে লাভ কৰিছে ১১৮ নম্বৰ স্থান। ভাৰতে ইমান পাছত স্থান লাভ কৰাত উদ্বেগ প্ৰকাশ কৰিছে আধ্যাত্মিক নেতা শ্ৰী শ্ৰী ৰবিশংকৰে। শক্তিশালী সামাজিক বন্ধন, সহযোগিতা আৰু মানৱীয় মূল্যবোধৰ বাবে উচ্চ স্থানৰ যোগ্য বুলি উল্লেখ ৰবিশংকৰৰ ।

author-image
Asomiya Pratidin
New Update
বিশ্ব সুখ সূচাংকত ১১৮ নম্বৰ স্থানত ভাৰত

বিশ্ব সুখ সূচাংকত ১১৮ নম্বৰ স্থানত ভাৰত

ডিজিটেল ডেস্ক: ২০২৫ চনৰ বিশ্ব সুখ সূচাংকত ভাৰতে লাভ কৰিছে ১১৮ নম্বৰ স্থান। ভাৰতে ইমান পাছত স্থান লাভ কৰাত উদ্বেগ প্ৰকাশ কৰিছে আধ্যাত্মিক নেতা শ্ৰী শ্ৰী ৰবিশংকৰে। দেশখনৰ শক্তিশালী সামাজিক বন্ধন, সহযোগিতা আৰু মানৱীয় মূল্যবোধৰ বাবে দেশখনে বহুত উচ্চ স্থানৰ যোগ্য বুলি উল্লেখ কৰে আধ্যাত্মিক গুৰুগৰাকীয়ে।
Advertisment
শ্ৰী ৰবিশংকৰে সদৰী কৰে, "ভাৰত ১১৮ নম্বৰ স্থানত আছে, সংঘাতপূৰ্ণ অঞ্চলৰ বহু পিছ পৰি আছে। কিন্তু সুখৰ সূচকাংকৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ ভাৰত বহুত বহুত ভাল। মই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছো আৰু মই দেখিছোঁ যে ভাৰতত মানৱীয় মূল্যবোধ বহুত বেছি। যদি আপোনাৰ পৰিয়ালৰ কিবা হ'য়, তেনে সমগ্ৰ গাঁওখনে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিব। অৱশ্যেই দেশত সমস্যা আছে, কিন্তু যোৱা দশকত বহু উন্নতি হৈছে। দৰিদ্ৰতাৰ সৈতে সুখ বা অসুখৰ সম্পৰ্ক নাই।'  এই ৰেংকিঙৰ সমালোচনা কৰি ভাৰতক সংঘাতপূৰ্ণ অঞ্চলৰ পিছফালে ৰখা বুলি আঙুলিয়াই দিয়ে ৰবিশংকৰে।
উল্লেখযোগ্য যে, বেলুচিস্তানত মানৱ অধিকাৰৰ সমস্যা চলি থকাৰ পাছতো ভাৰতৰ আগত পাকিস্তানে ১০৯ নম্বৰ স্থান লাভ কৰিছে। পাকিস্তানে ৰাজনৈতিক মতানৈক্য দমন কৰি বেলুচিস্তানত মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে। ভাৰতৰ স্থান পাকিস্তানতকৈও তলত হোৱাত আচৰ্য প্ৰকাশ কৰিছে আধ্যাত্মিক নেতা শ্ৰী শ্ৰী ৰবিশংকৰে।
অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্চ চেণ্টাৰে গ্যালাপ, ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্ক আৰু স্বতন্ত্ৰ সম্পাদকীয় মণ্ডলীৰ সৈতে অংশীদাৰিত্বৰে প্ৰকাশ কৰিছে এই বিশ্ব সুখ প্ৰতিবেদন।
ৰবিশংকৰ