ভাৰতীয় স্মাৰ্টফোন বজাৰত পুনৰুত্থানঃ এপ্ৰিলৰ পৰা জুনলৈ ২২ শতাংশ বৃদ্ধি

স্মাৰ্টফোন বজাৰখনে ক্ৰমাগতভাৱে দুটা পৰ্যায়ৰ পতনৰ পাছত ২০২৫ চনৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত পুনৰ উত্থান লাভ কৰিছে। স্মাৰ্টফোনৰ শিতানত ২২ শতাংশ ছিকুৱেন্সিয়েল বৃদ্ধি দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় স্মাৰ্টফোন বজাৰত পুনৰুত্থানঃ এপ্ৰিলৰ পৰা জুনলৈ ২২ শতাংশ বৃদ্ধি

ডিজিটেল ডেস্কঃ ভাৰতীয় স্মাৰ্টফোন বজাৰখনে ক্ৰমাগতভাৱে দুটা পৰ্যায়ৰ পতনৰ পাছত ২০২৫ চনৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত পুনৰ উত্থান লাভ কৰিছে। এই সময়ছোৱাত স্মাৰ্টফোন শিতানত ২২ শতাংশ ছিকুৱেন্সিয়েল আৰু ৭ শতাংশ বাৰ্ষিক বৃদ্ধি দেখা গৈছে।

Advertisment

গৱেষণা প্ৰতিষ্ঠান Canalys-এ প্ৰকাশ কৰা তথ্য অনুসৰি, এই সময়ছোৱাত স্মাৰ্টফোন ছিপমেণ্ট ৩২ নিযুতৰ পৰা ৩৯ নিযুতলৈ বৃদ্ধি পায়। উৎসৱৰ আগমুহূর্তত বিক্ৰী চেনেলসমূহে নতুন ষ্টক গ্ৰহণ কৰিবলৈ আগ্ৰহী হোৱা আৰু স্মাৰ্টফোন কোম্পানীসমূহে নতুন মডেল বজাৰত অনাটোৱেই এই বৃদ্ধিৰ মুখ্য কাৰণ।

Canalys-ৰ বিশ্লেষক সংযম চৌৰাছিয়াই কয়, "দ্বিতীয় ত্ৰৈমাসিকত বজাৰৰ পৰিবেশ সাধাৰণতে পৰিস্ফুট নহয় যদিও পৰিবৰ্তিত বতৰ, খুচৰা বিক্ৰী কেন্দ্ৰত কম ভিৰ, আৰু ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজতো বজাৰ বৃদ্ধি পাইছে।"

স্মাৰ্ট ফোনৰ বজাৰৰ এই উত্থানৰ মূলতে হৈছে Vivo আৰু Oppo।চীনৰ এই দুটা স্মাৰ্টফোন কোম্পানীয়ে দ্বি-অংকীয় বৃদ্ধি লাভ কৰিছে। কম মূল্যৰ হেণ্ডচেট, অনলাইন চেনেল আৰু নতুন খুচৰা অংশীদাৰত্বৰ জৰিয়তে প্ৰতিষ্ঠান দুটাই আগবাঢ়ি সফলতা অৰ্জন কৰিছে।

ইপিনে, Samsung-ৰ বিক্ৰী স্থিতিশীল হৈ থাকিলেও, Xiaomi-ৰ বজাৰ পুনৰ পতন হৈছে। সামগ্ৰীকভাৱে স্মাৰ্টফোনৰ বজাৰৰ এই বৃদ্ধিয়ে প্ৰমাণ কৰিছে যে, উৎসৱৰ পূৰ্বে গ্ৰাহকসকলৰ আগ্ৰহ আৰু নতুন প্ৰযুক্তি মডেলৰ আগমনে ভাৰতীয়ক স্মাৰ্টফোন বজাৰৰ খনৰ প্ৰতি আকৰ্ষিত কৰিছে। 

 

স্মাৰ্টফোন