/asomiyapratidin/media/media_files/2025/06/05/JRRRSGO6CWAnQ7NSxcGY.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ সেৱা খণ্ডই চলিত বৰ্ষৰ মে’ মাহত উল্লেযোগ্য প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এই সম্পৰ্কত ব্যৱসায়ীসকলৰ শেহতীয়া কাৰ্যকলাপ, নিযুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ ক্ষেত্ৰত বৃদ্ধিৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, এইচ এছ বি চি ইণ্ডিয়া চাৰ্ভিচেছ পিএমআই বিজনেছ এক্টিভিটি সূচকাংক এপ্ৰিলত ৫৮.৭ শতাংশৰ পৰা ৫৮.৮ শতাংশলৈ বৃদ্ধি পাইছেগৈ। বিগত মাহটোত সেৱা খণ্ডৰ সুস্থ চাহিদা, ফলপ্ৰসূ বিজ্ঞাপন আৰু নিষ্ঠাবান গ্ৰাহকৰ আস্থা বৃদ্ধিৰ ফলস্বৰূপে এই সাফল্য লাভ কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰে।
তাৰোপৰি ইয়াৰ জৰিয়তে বিভিন্ন ফাৰ্মসমূহে কেতবোৰ দেশৰ পৰা নতুন উপভোক্তা লাভ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ পৰা ৰপ্তানি অৰ্ডাৰ লাভ কৰিছিল ভাৰতৰ সেৱা খণ্ডই।
এই সন্দৰ্ভত অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় - “২০২৫ চনৰ মে’ ত ভাৰতে ৫৮.৮ সেৱাৰ পিএমআই পঞ্জীয়ন কৰিছিল। যিটো যোৱা কেইমাহমানৰ পৰা স্থিৰ ৰিডিঙৰ সৈতে বহলভাৱে মিল আছে। এইক্ষেত্ৰত প্ৰবল আন্তঃৰাষ্ট্ৰীয় চাহিদাই সেৱাৰ কাৰ্যকলাপক ইন্ধন যোগাই থাকিলে অনাগত সময়ত ইয়াৰ অগ্ৰগতি আৰু অধিক হ’ব।