ফেব্ৰুৱাৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে ভাৰতৰ সেৱা খণ্ডৰ হাৰ...

এই উত্থানৰ দ্বাৰা দেশত উৎপাদন দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে। একেদৰে নিয়োগৰ ক্ষেত্ৰতো যথেষ্ট বৃদ্ধি পাইছে বুলি বুধবাৰে এক মাহেকীয়া সমীক্ষাত প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ সেৱা খণ্ড

ভাৰতৰ সেৱা খণ্ড

ডিজিটেল ডেস্ক : ভাৰতৰ সেৱা খণ্ডৰ শেহতীয়া কাৰ্যকলাপৰ ফেব্ৰুৱাৰী ২০২৫ত ব্যাপক উত্থান ঘটিছে। ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদা উন্নত হৈছে। 

এই উত্থানৰ দ্বাৰা দেশত উৎপাদন দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে। একেদৰে নিয়োগৰ ক্ষেত্ৰতো যথেষ্ট বৃদ্ধি পাইছে বুলি বুধবাৰে এক মাহেকীয়া সমীক্ষাত প্ৰকাশ পাইছে।

ঋতু অনুসৰি সামঞ্জস্য কৰা এইচ এছ বি চি ইণ্ডিয়া চাৰ্ভিচেছ পি এম আই বিজনেছ এক্টিভিটি ইনডেক্সে কৰা জানুৱাৰীৰ সমীক্ষা মতে, ন্যূনতম ৫৬.৫ৰ পৰা ফেব্ৰুৱাৰীত ৫৯.০লৈ বৃদ্ধি পাইছে চাহিদা। এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, ভাৰতৰ সেৱা খণ্ডৰ হাৰ অনাগত সময়ত আৰু দ্ৰুতগতিত বৃদ্ধি পাব।

এই সম্পৰ্কত এইচ এছ বি চিৰ মুখ্য তথা অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয়- ভাৰতৰ সেৱা ব্যৱসায়িক কাৰ্যকলাপ সূচকাংক ২০২৫ৰ ফেব্ৰুৱাৰীত ৫৯.০ লৈ বৃদ্ধি পাইছে। যিটো জানুৱাৰীৰ ন্যূনতম ৫৬.৫ৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। 

লগতে তেওঁ কয়- নতুন ৰপ্তানি ব্যৱসায়িক সূচকাংক অনুসৰি ছমাহৰ ভিতৰত দ্ৰুতগতিত বৃদ্ধি পোৱা আৰু বিশ্বব্যাপী চাহিদাই ভাৰতৰ সেৱা খণ্ডৰ বাবে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে।

Indian Economy