Advertisment

অক্টোবৰত ভাৰতৰ সেৱাৰ ৰপ্তানি হাৰ ২২.৩% লৈ বৃদ্ধি...

দেশৰ সেৱা ৰপ্তানিখণ্ডৰ বাবে ভাল খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই আশাব্যঞ্জক তথ্য। 

author-image
Asomiya Pratidin
New Update
raptani

ডিজিটেল ডেস্ক : দেশৰ সেৱা ৰপ্তানিখণ্ডৰ বাবে ভাল খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই আশাব্যঞ্জক তথ্য। 

Advertisment

শুকুৰবাৰে প্ৰকাশিত তথ্য অনুসৰি অক্টোবৰত ভাৰতৰ সেৱাৰ ৰপ্তানিৰ হাৰ ২২.৩ শতাংশলৈ বৃদ্ধি হৈ ৩৪.৩ বিলিয়ন ডলাৰ হৈছে। আনহাতে, আমদানি ২৭.৯ শতাংশ বৃদ্ধি পাই ১৭.২১ বিলিয়ন ডলাৰ হৈছে বুলি আৰ বি আইৰ প্ৰতিবেদনত উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জুলাই আৰু আগষ্টত ভাৰতৰ ৰপ্তানিৰ হাৰ দ্ৰুত হাৰত হ্ৰাস পাইছিল। অৱশ্যে ছেপ্টেম্বৰত সেৱাৰ ৰপ্তানি ৩২.৫৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। আমদানিও একেৰাহে দ্বিতীয় মাহৰ বাবে বৃদ্ধি পাইছে চলিত বৰ্ষত।

ৰপ্তানি