/asomiyapratidin/media/media_files/2025/05/19/kdFHY3u21KDANeYglF2g.jpg)
ভাৰতৰ সাগৰীয় খাদ্য ৰপ্তানি ১৭.৮ শতাংশলৈ বৃদ্ধি
ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে ভাৰতীয় খাদ্যৰ আছে এক সুকীয়া আদৰ। ভাৰতৰ বিভিন্ন ৰাজ্যৰ সুকীয়া সুকীয়া পৰম্পৰাগত থলুৱা খাদ্যয়ো বিদেশী পৰ্যটকসকলৰ পৰা লাভ কৰিছে বিশেষ সমাদৰ।
ভিন্ন সময়ত ভাৰত ভ্ৰমণলৈ অহা বিশ্বৰ ভিন্ন প্ৰান্তৰ বিদেশী পৰ্যটকসকলে এবাৰলৈ হ’লেও ভাৰতীয় খাদ্যৰ জুতি লয়। গুৰুত্বপূৰ্ণ কথা যে, বিভিন্ন ভাৰতীয় খাদ্যৰ সমান্তৰালকৈ এইবাৰ ভাৰতৰ সাগৰীয় খাদ্যয়ো লাভ কৰিছে বিশেষ আদৰ।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্ৰিলত ভাৰতৰ সাগৰীয় খাদ্যৰ ৰপ্তানি ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে। দেশৰ উপকূল এলেকাসমূহত উপলব্ধ বিবিধ সাগৰীয় খাদ্য সম্ভাৰ এতিয়া বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হয়। চাহিদা অনুসৰি দ্ৰুতহাৰত বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ।
প্ৰতিবেদনত উল্লেখ কৰা মতে, চলিত ২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ সাগৰীয় খাদ্যই এক অভিলেখো স্থাপন কৰিবলৈ সক্ষম হৈছে। এই বৰ্ষৰ মাৰ্চত ১৬.৮৫ লাখ মেট্ৰিক টন সাগৰীয় খাদ্য বিভিন্ন দেশলৈ ৰপ্তানি কৰিছে ভাৰতে। উল্লেখযোগ্য যে, পূৰ্বৰ তুলনাত এই বৃদ্ধিৰ হাৰ ৬০ শতাংশৰো অধিক।
ইতিমধ্যে, সাগৰীয় খাদ্যৰ আদৰৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত সাগৰীয় খাদ্যক আৰু অধিক ফলপ্ৰসু কৰাৰ বাবে পৰিকাঠামো প্ৰস্তুত কৰা হ’ব।