/asomiyapratidin/media/media_files/2025/01/13/RTXYOoJ0S6ZFXsWB4Wtb.jpg)
১ লাখ কোটি টকাৰ আইফোন ৰপ্তানি ভাৰতৰ
ডিজিটেল ডেস্ক : আইফোন ৰপ্তানিৰ দিশত আশাব্যঞ্জক সঁহাৰি লাভ কৰিছে ভাৰতে। কেন্দ্ৰীয় চৰকাৰৰ পি এল আই আঁচনিৰ অধীনত ভাৰতে বিশ্বৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিছে আইফোন। এক সমীক্ষা অনুসৰি ২০২৪ত ভাৰতে ১ লাখ কোটি টকাৰ (১২.৮ বিলিয়ন ডলাৰ) ৰপ্তানি কৰিছে।
বিগত বৰ্ষৰ তুলনাত ২০২৪ত ইয়াৰ হাৰ ৪২% লৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। স্থানীয় মূল্য সংযোজন বৃদ্ধিৰ ফলত যিকোনো মডেলৰ ওপৰত ১৫-২০% পৰ্যন্ত বৃদ্ধি হৈছে আইফোনৰ ৰপ্তানি। এই ধাৰা অৱ্যাহত থাকিলে চলিত বৰ্ষতো আশাব্যঞ্জক সঁহাৰি পাব পাৰি বুলি আশা কৰিব পাৰি।