২০২৪ চনৰ পূৰ্বে ভাৰতৰ ৰাস্তা আমেৰিকাৰ দৰে উন্নত হ’ব: নিতিন গাডকৰী

২০২৪ চনৰ পূৰ্বে ভাৰতৰ ৰাস্তা আমেৰিকাৰ দৰে উন্নত হ’ব: নিতিন গাডকৰী

author-image
asomiyapratidin
New Update
২০২৪ চনৰ পূৰ্বে ভাৰতৰ ৰাস্তা আমেৰিকাৰ দৰে উন্নত হ’ব: নিতিন গাডকৰী

 ডিজিটেল ডেস্ক: পৰিবহন মন্ত্ৰী নিতিন গাডকৰীয়ে বুধবাৰে ৰাজ্যসভাত কয় যে চৰকাৰে আগন্তুত ৩ বছৰত দেশত ২৬ টা গ্ৰীণ এক্সপ্ৰেচৱে নিৰ্মাণ কৰা হব আৰু ২০২৪ লৈ ৰাজপথৰ আন্তগাঠনি আমেৰিকাৰ দৰে উন্নত হ'ব।

Advertisment

প্ৰশ্নকালৰ সময়ত এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী গৰাকীয়ে কয় যে এন  এইচ এ আইৰ ওচৰত ধনৰ কোনো নাটনি হোৱা নাই। এএ ৰেটিং আছে আৰু ই আৰ্থিক ৰূপত বহুত মজবুত।এন এইচ এ আইয়ে এক বছৰত ৫ লাখ কিলোমিটাৰ দৈৰ্ঘৰ ৰাস্তা নিৰ্মাণ কৰিব পাৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে মই প্ৰতিশ্ৰুতি প্ৰদান কৰো যে ২০২৪ চনৰ আগলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ ৰাস্তা ঘাট আমেৰিকাৰ দৰে হ'ব।আমি দেশখনৰ সকলো ক্ষেত্ৰতে উন্নত কৰিম।

আৰু পঢ়ক: হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সংগতি ৰাখি নগাঁৱত পিযুষ হাজৰিকাৰ বৈঠক…

nda nitin gadkirim narendra modi bjp rajya sabha