ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৩.৩৪ শতাংশ লৈ হ্ৰাস…

হ্ৰাস পাইছে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি । ২০১৯ৰ আগষ্টৰ পিছত সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পালে দেশৰ খুচুৰা মুদ্ৰাস্ফীতি। যাৰ ফলত শাক-পাচলিকে ধৰি কেতবোৰ সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৩.৩৪ শতাংশ লৈ হ্ৰাস…

ডিজিটেল ডেস্ক : হ্ৰাস পাইছে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি । ২০১৯ৰ আগষ্টৰ পিছত সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পালে দেশৰ খুচুৰা মুদ্ৰাস্ফীতি। যাৰ ফলত শাক-পাচলিকে ধৰি কেতবোৰ সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে।– মঙলবাৰে এই তথ্য সদৰী কৰিছে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে।

Advertisment

মন্ত্ৰালয়ৰ তথ্য অনুসৰি গ্ৰাহক মূল্য সূচকাংক ভিত্তিক মুদ্ৰাস্ফীতি মাৰ্চত ৩.৩৪%লৈ হ্ৰাস পাইছে। গুৰুত্বপূৰ্ণ কথা যে, ফেব্ৰুৱাৰীত মুদ্ৰাস্ফীতি আছিল ৩.৬১%। তাৰোপৰি অৰ্থনীতিবিদসকলৰ ব্লুমবাৰ্গৰ এক সমীক্ষাত মাৰ্চৰ বাবে মুদ্ৰাস্ফীতিৰ হ্ৰাস অনুমান ৩.৫% বুলি ধৰা হৈছিল। উল্লেখযোগ্য যে, এই হ্ৰাসৰ কাৰণ হৈছে শাক-পাচলিৰ মুদ্ৰাস্ফীতি।

মুদ্ৰাস্ফীতি