ইলেক্ট্ৰনিক উপাদানৰ বাবে পি এল আই আঁচনিৰ অধীনত নতুন পদক্ষেপ...

পি এল আইৰ অধীনৰ এই প্ৰকল্পৰ বাবে বিনিয়োগ কৰা হৈছে ৭ বিলিয়ন মাৰ্কিন ডলাৰ। তাৰোপৰি এই প্ৰকল্পৰ দ্বাৰাই সৃষ্টি হ’ব ৯১,৬০০ টা প্ৰত্যক্ষ চাকৰিৰ পদ।

author-image
Asomiya Pratidin
New Update
 পি এল আই আঁচনিৰ অধীনত নতুন পদক্ষেপ

ডিজিটেল ডেস্ক : ভাৰত চৰকাৰৰ পি এল আই আঁচনিৰ অধীনত ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনত অধিক মনোনিৱেশ কৰিছে দেশৰ ইলেক্ট্ৰনিকখণ্ডই। ইতিমধ্যে ইয়াৰ দ্বাৰা উপকৃত হৈছে স্থানীয়ভাৱে উৎপাদন কৰা বিভিন্ন কোম্পানীসমূহ। এই আঁচনিৰ অধীনত বছৰ বছৰ ধৰি ভাৰতে ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত বিশেষকৈ স্মাৰ্টফোন আৰু কনজিউমাৰ প্ৰস্তুত কৰি বিশ্বজুৰি অগ্ৰগতি লাভ কৰি আহিছে। 

Advertisment

কিন্তু মন কৰিবলগীয়া কথা যে, ভাৰতৰ ইলেক্ট্ৰনিকখণ্ডৰ ইমানখিনি সাফল্যৰ পাছতো আমদানিৰ ক্ষেত্ৰত আজিও বহিঃ ৰাষ্ট্ৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে এই সমস্যা দূৰ কৰাৰ বাবে ইলেক্ট্ৰনিকখণ্ডই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। আমদানি হ্ৰাস আৰু স্থানীয় উৎপাদন বৃদ্ধিৰ লক্ষ্য আগত ৰাখি ইলেক্ট্ৰনিকখণ্ডই পৰিকাঠামো প্ৰস্তুত কৰিছে। 

পি এল আই আঁচনিৰ অধীনত প্ৰস্তুত কৰা এই পৰিকাঠামোৰ জৰিয়তে অহা ৬বছৰৰ ভিতৰত ভাৰতে আমদানিৰ ক্ষেত্ৰত বহিঃ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগিব। পি এল আইৰ অধীনৰ এই প্ৰকল্পৰ বাবে বিনিয়োগ কৰা হৈছে ৭ বিলিয়ন মাৰ্কিন ডলাৰ। তাৰোপৰি এই প্ৰকল্পৰ দ্বাৰাই সৃষ্টি হ’ব ৯১,৬০০ টা প্ৰত্যক্ষ চাকৰিৰ পদ।

mobile phone mobile