প্ৰথমবাৰৰ বাবে ৩০ বিলিয়ন ডলাৰ স্পৰ্শ ভাৰতীয় ফাৰ্মা উদ্যোগৰ...

ফাৰ্মা উদ্যোগে প্ৰথমবাৰৰ বাবে ৩০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিলে। ফাৰ্মাচিউটিকেলছ এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ সঞ্চালক প্ৰধান ৰাজা ভানুৱে জনোৱা মতে, ২০২৫ বিত্তীয় বৰ্ষৰ লক্ষ্য আছিল ২৯.৩৮ বিলিয়ন ডলাৰ।

author-image
Asomiya Pratidin
New Update
ে্ি

ডিজিটেল ডেস্কঃ  ২০২৫ বিত্তীয় বৰ্ষত অভিলেখ ৰচিলে ভাৰতৰ ফাৰ্মা উদ্যোগে। শেহতীয়াকৈ প্ৰকাশ পোৱা চৰকাৰী বাণিজ্যিক তথ্য অনুসৰি, ৩০৪৬৭.৩২ মিলিয়ন ডলাৰ স্পৰ্শ কৰিছে দেশৰ ঔষধ ৰপ্তানি উদ্যোগে। উল্লেখ্য যে, ২৪ বিত্তীয় বৰ্ষত হোৱা ২৭৮৫১.৭০ মিলিয়ন ডলাৰৰ তুলনাত চলিত বৰ্ষৰ সংখ্যা ৯.৩৯% বেছি।

Advertisment

ফাৰ্মা উদ্যোগে প্ৰথমবাৰৰ বাবে ৩০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিলে। ফাৰ্মাচিউটিকেলছ এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ সঞ্চালক প্ৰধান ৰাজা ভানুৱে জনোৱা মতে, ২০২৫ বিত্তীয় বৰ্ষৰ লক্ষ্য আছিল ২৯.৩৮ বিলিয়ন ডলাৰ।

মাৰ্চ মাহত ফাৰ্মা উদ্যোগৰ ৰপ্তানি ৩১.২১% বৃদ্ধি পাই ৩৬৮১.৫১ মিলিয়ন ডলাৰ হৈছে। বিত্তীয় বৰ্ষৰ সময়ছোৱাত পৰৱৰ্তী সৰ্বোত্তম প্ৰদৰ্শন আছিল জানুৱাৰী মাহত যেতিয়া ৰপ্তানি ২১.৪৭% বৃদ্ধি পাই ২৫৯০.৮৮ মিলিয়ন ডলাৰ হৈছিল।

উল্লেখ্য যে, ২০২৫ বিত্তীয় বৰ্ষত আমেৰিকালৈ ঔষধ ৰপ্তানি (মূল্যৰ হিচাপত) ১৪.২৯ শতাংশ বৃদ্ধি পাই ৮,৯৫৩.৩৭ মিলিয়ন ডলাৰ হৈছে। ভাৰতৰ ফাৰ্মা ৰপ্তানিৰ শীৰ্ষত থকা আন দেশসমূহ হ’ল যোৱা বিত্তীয় বৰ্ষত ব্ৰিটেইন, ব্ৰাজিল, ফ্ৰান্স আৰু দক্ষিণ আফ্ৰিকা।

ফাৰ্মা উদ্যোগ