প্ৰকাশ পালে ভাৰতৰ সৰ্বাধিক প্ৰদূষণ হোৱা চহৰৰ নাম...

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড অৰ্থাত চিপিচিবিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৭ নৱেম্বৰ ২০২২ ত ভাৰতৰ মুঠ ১৬৩ খন চহৰৰ ভিতৰত বিহাৰৰ কাটিহাৰত সৰ্বাধিক বায়ু মানদণ্ড সূচক আছিল ৩৬০।

author-image
Asomiya Pratidin
New Update
প্ৰকাশ পালে ভাৰতৰ সৰ্বাধিক প্ৰদূষণ হোৱা চহৰৰ নাম...

pollution

ডিজিটেল ডেস্ক: ২০২২ বৰ্ষত বায়ু প্ৰদূষণৰ পৰিস্থিতি পূৰ্বৰ তুলনাত অধিক অৱনতি ঘটিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড অৰ্থাত চিপিচিবিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৭ নৱেম্বৰ ২০২২ ত ভাৰতৰ মুঠ ১৬৩ খন চহৰৰ ভিতৰত বিহাৰৰ কাটিহাৰত সৰ্বাধিক বায়ু মানদণ্ড সূচক আছিল ৩৬০।

Advertisment

তথ্য অনুসৰি, সোমবাৰে দিল্লীৰ বায়ু মানদণ্ড সূচক আছিল ৩৫৪, আনহাতে নয়ডাৰ ৩২৮ আছিল। গাজিয়াবাদত ইয়াৰ স্তৰ ৩০৪ আছিল। অন্যহাতে বেগুচৰাই (বিহাৰ), বল্লভগড় (হাৰিয়ানা), ফৰিদাবাদ (হাৰিয়ানা), কৈথাল (হাৰিয়ানা), গুৰুগ্ৰাম (হাৰিয়ানা) আৰু গোৱালিয়ৰ (মধ্য প্ৰদেশ) আটাইতকৈ প্ৰদূষিত চহৰবোৰৰ ভিতৰত আছিল।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (আইএআৰআই) মতে, বুধবাৰে পঞ্জাৱত ৩,৬৩৪ টা নৰা জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে। ই এতিয়ালৈকে বছৰৰ ভিতৰত সৰ্বাধিক সংখ্যা।

এই প্ৰদূষিত বায়ুয়ে হাঁওফাঁও প্ৰভাৱিত কৰাই নহয়, ইয়াৰ ফলত মানুহ শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত লোক সকলৰও অকাল মৃত্যুৰ কাৰণ হ'ব পাৰে। গ্ৰীণপীচৰ মতে, ২০১৭ চনত বায়ু প্ৰদূষণৰ ফলত ১২ লাখ ভাৰতীয়ৰ অকাল মৃত্যু হৈছিল।

punjab delhi bihar