Advertisment

ভাৰতত বৃদ্ধি পাইছে দুগ্ধ, কণী আৰু মাংসৰ উৎপাদন...

পূৰ্বৰ তুলনাত দেশত বৃদ্ধি পাইছে দুগ্ধ উৎপাদন। শেহতীয়াকৈ এক প্ৰতিবেদন ৰাজহুৱা কৰি এই ঘোষণা কৰিছে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জনে।

author-image
Asomiya Pratidin
New Update
india

ডিজিটেল ডেস্কঃ পূৰ্বৰ তুলনাত দেশত বৃদ্ধি পাইছে দুগ্ধ উৎপাদন। শেহতীয়াকৈ এক প্ৰতিবেদন ৰাজহুৱা কৰি এই ঘোষণা কৰিছে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জনে।

Advertisment

 'এনিমেল হাজবেণ্ড্ৰি ষ্টেটিষ্টিকছ ২০২৪'ৰ তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষৰ ভিতৰত ভাৰতৰ গাখীৰৰ উৎপাদন ৩.৭৮% বৃদ্ধি পাই ২৩৯.৩ কোটি টন হৈছে। আনহাতে মাংস আৰু কণীৰ উৎপাদন ক্ৰমে ৪.৯৫% আৰু ৩.১৭% বৃদ্ধি পাইছে। 

যদিও গাখীৰ উৎপাদনত ২০২১-২২বৰ্ষৰ তুলনাত ২০২২-২৩ত কিছু লেমেহীয়া হৈছে, তৎসত্বেও ভাৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে নিজৰ স্থিতি অক্ষুন্ন ৰাখিছে।

প্ৰতিবেদন অনুসৰি, “বিদেশী গৰু-ম’হৰ পৰা গাখীৰ উৎপাদন ২০২৩-২৪ চনত বিগত বছৰৰ তুলনাত ৮% আৰু থলুৱা গৰুৰ পৰা ৪৪.৭৬%  উতপাদন  বৃদ্ধি পাইছে। কিন্তু  ম’হৰ পৰা গাখীৰৰ উৎপাদন অৱশ্যে ১৬% হ্ৰাস পাইছে বুলি প্ৰতিবেদনত উল্লেখ আছে। 

এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৩-২৪ চনত মুঠ কণী উৎপাদন ৩.১৭% বৃদ্ধি পাই ১৪২.৭৭ বিলিয়ন হৈছে। ইয়াত লগতে কোৱা হৈছে যে, ‘দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে কণীৰ উপলব্ধতা বছৰি ১০৩টা কণী। কণী উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ২য় বৃহত্তম দেশ।

ইফালে মাংসৰ উৎপাদন ৪.৯৫% বৃদ্ধি পাইছে, আৰু ২০২৩-২৪ চনত ১০.২৫ মেট্ৰিক টন হ’ব বুলি অনুমান কৰা হৈছে। 

 

 

কেন্দ্ৰীয় চৰকাৰ