এবছৰত ভাৰতত বিলাসী ঘৰ নিৰ্মাণৰ বাবে খৰছ ২৭৯,৩০৯ কোটি...

ভাৰতত বৃদ্ধি পাইছে বিলাসী ঘৰৰ চাহিদা। যাৰ পৰিপ্ৰেক্ষিতত বিগত কেইটামান বছৰত বিলাসী ঘৰৰ নিৰ্মাণৰ লগতে বিক্ৰীৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। বদ্ধিত এই বজাৰখনক লৈ শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
New Update
ভাৰত

ডিজিটেল ডেস্কঃ ভাৰতত বৃদ্ধি পাইছে বিলাসী ঘৰৰ চাহিদা। যাৰ পৰিপ্ৰেক্ষিতত বিগত কেইটামান বছৰত বিলাসী ঘৰৰ নিৰ্মাণৰ লগতে বিক্ৰীৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। বদ্ধিত এই বজাৰখনক লৈ শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ পাইছে।

এই প্ৰতিবেদনত উল্লেখ আছে যে,  ২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত বিলাসী ঘৰৰ  বিক্ৰী আৰু নিৰ্মাণৰ মূল্য ১৮% বৃদ্ধি পাই ২৭৯,৩০৯ কোটি টকা হৈছে। প্ৰিমিয়াম প্ৰপাৰ্টিৰ চাহিদা বৃদ্ধি পাইছে। গড় হিচাপত ঘৰৰ মূল্য ১.২৩ কোটি টকালৈ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত এই মূল্য প্ৰায় ২৩শতাংশ বৃদ্ধি পাইছে। 

মুম্বাই, দিল্লী, বেংগালুৰু আদি ডাঙৰ চহৰত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি দেখা গৈছে। বিগত বছৰবোৰত  বিলাসী গৃহ নিৰ্মাণৰ বজাৰখন আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।







ভাৰত