ভাৰতৰ বিলাসী গৃহ নিৰ্মাণ খণ্ডত তিনিমাহত বৃদ্ধি হৈছে বিক্ৰীৰ হাৰ

ভাৰতৰ বিলাসী গৃহ নিৰ্মাণ খণ্ডত বৃদ্ধি পাইছে বিলাসী ফ্লেট বিক্ৰীৰ সংখ্যা। ৰিয়েল ইষ্টেটৰ পৰামৰ্শদাতা তথা চি বি আৰ ই দক্ষিণ এছিয়াৰ ‘ইণ্ডিয়া মাৰ্কেট মনিটৰ কিউ-১ ২০২৫এ প্ৰস্তুত কৰিছে এক প্ৰতিবেদন।

author-image
Asomiya Pratidin
New Update
বিলাসী ফ্লেট

ডিজিটেল ডেস্ক : ভাৰতৰ বিলাসী গৃহ নিৰ্মাণ খণ্ডত বৃদ্ধি পাইছে বিলাসী ফ্লেট বিক্ৰীৰ সংখ্যা। ৰিয়েল ইষ্টেটৰ পৰামৰ্শদাতা তথা চি বি আৰ ই দক্ষিণ এছিয়াৰ ‘ইণ্ডিয়া মাৰ্কেট মনিটৰ কিউ-১ ২০২৫এ প্ৰস্তুত কৰিছে এক প্ৰতিবেদন। 

Advertisment

এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতৰ বিলাসী হাউছিং ছেগমেণ্টে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ৪ কোটি টকা অথবা তাৰ ওপৰৰ মূল্যৰ ফ্লেট বিক্ৰীৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ সাতখন চহৰত ২০২৫ চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত ২৮% বছৰেকীয়া বিক্ৰী বৃদ্ধি লাভ কৰিছে। ইয়াৰ ফলত উল্লেখিত ত্ৰৈমাসিকত মুঠ বিক্ৰীৰ পৰিমাণ প্ৰায় ১৯৩০টা।

উল্লেখযোগ্য যে, শীৰ্ষ সাতখন চহৰৰ ভিতৰত দিল্লীয়ে ত্ৰিমাসিক বিলাসী ইউনিট বিক্ৰীৰ ক্ষেত্ৰত আগবাঢ়ি আছে। মুঠ বিক্ৰীৰ ভিতৰত ৯৫০টা বিলাসী ফ্লেট দিল্লীত বিক্ৰী হৈছে। একেদৰে মুম্বাই আছে দ্বিতীয় স্থানত। মায়ানগৰী মুম্বাইত ইয়াৰ হাৰ হৈছে ২৩ শতাংশ। 

ইফালে দক্ষিণ ভাৰতৰ চহৰসমূহেও দাঙি ধৰিছে উল্লেখনীয় প্ৰদৰ্শন। দাক্ষিণাত্যত বেংগালুৰুৱে সৰ্বাধিক বৃদ্ধি লাভ কৰিছে। ২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকত মাত্ৰ ২০ ইউনিটৰ পৰা ২০২৫ৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত প্ৰায় ১৯০ ইউনিটলৈ বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

economy