ভাৰতৰ লজিষ্টিক আৰু গুদাম খণ্ডৰ টায়াৰ ২ চহৰলৈ দ্ৰুতগতিত সম্প্ৰসাৰণ...

খণ্ডই প্ৰথমে টায়াৰ ১ চহৰসমূহ মূল কেন্দ্ৰ হিচাপে লৈছিল যদিও বৰ্তমান ১২খন উদীয়মান টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত লজিষ্টিক আৰু গুদাম খণ্ডৰ বজাৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৱৱৱৱৱৱৱৱৱৱ

ডিজিটেল ডেস্কঃ সহায়ক চৰকাৰী নীতি, নগৰীয়া আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তিগত উন্নয়ণ আৰু গ্ৰাহকৰ আচৰণৰ পৰিৱৰ্তনৰ দ্বাৰা পৰিচালিত ভাৰতৰ লজিষ্টিক আৰু গুদাম খণ্ডৰ বিকাশ দ্ৰুতগতিত হোৱা পৰিলক্ষিত হৈছে। 

Advertisment

লজিষ্টিক আৰু গুদাম খণ্ডই প্ৰথমে টায়াৰ ১ চহৰসমূহ মূল কেন্দ্ৰ হিচাপে লৈছিল যদিও বৰ্তমান ১২খন উদীয়মান টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত বিভাগটোৰ বজাৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে। এই অঞ্চলসমূহৰ পৰাই অনলাইন ক্ৰয়ৰ এটা ডাঙৰ অংশ যোৱা বুলি জানিব পৰা গৈছে।

চৰকাৰী পদক্ষেপ যেনে নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিয়ে ৪৫৯ টা টায়াৰ ২ আৰু ৫৮০ টা টায়াৰ ৩ চহৰ বৃদ্ধিৰ বাবে বছৰি ১০,০০০ কোটি টকা আবণ্টন দি আহিছে যদিও ইয়াৰ বৃদ্ধি আৰু অধিক ত্বৰান্বিত কৰিছে। এই অগ্ৰগতিয়ে নিৰৱচ্ছিন্ন যোগান শৃংখল সক্ষম কৰা, আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বহনক্ষম অৰ্থনৈতিক বৃদ্ধিত ইন্ধন যোগোৱাত লজিষ্টিকছৰ জটিল ভূমিকাক সমৰ্থন জনাইছে।

ভাৰতৰ লজিষ্টিক আৰু গুদাম খণ্ড