/asomiyapratidin/media/media_files/2025/04/22/lTX7sC9sFhtav8jNMsoM.jpg)
সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰে ক্ৰুজ সেৱাৰ
ডিজিটেল ডেস্ক : ভাৰতৰ সৰ্ববৃহৎ যাত্ৰীবাহী ক্ৰুজ টাৰ্মিনেল মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল (এমআইচিটি) সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰে ক্ৰুজ সেৱাৰ। নতুনকৈ মুকলি কৰা টাৰ্মিনেলৰ জৰিয়তে ভাৰতৰ ক্ৰুজ পৰ্যটনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৫৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো।
বছৰি ১০ লাখ যাত্ৰীৰ সুবিধা হোৱাকৈ ডিজাইন কৰা এই এম আই চি টিয়ে প্ৰতিদিনে প্ৰায় ১০ হাজাৰ যাত্ৰীক সুবিধা প্ৰদান কৰিব পাৰে। এই সেৱাৰ জৰিয়তে এবাৰত পাঁচখন জাহাজ ৰখাব পাৰে, যাৰ দৈৰ্ঘ্য ৩০০ মিটাৰ। বন্দৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক বৃহৎ পদক্ষেপ হিচাপে মন্ত্ৰী সোণোৱালে বাধাবন বন্দৰত ৫,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ বাবে মূল চুক্তি স্বাক্ষৰ কৰাটোও তদাৰক কৰে। ইয়াৰ ভিতৰত ৪,২০০ কোটি টকাৰ বিনিয়োগেৰে কণ্টেইনাৰ, বাল্ক, আৰু লিকুইড কাৰ্গো পৰিচালনা কৰিব পৰা টাৰ্মিনেল নিৰ্মাণৰ পৰিকল্পনাও আছে।
ইয়াৰ উপৰিও ১০০০ কোটি টকাৰ বিনিয়োগেৰে বাল্ক আৰু লিকুইড কাৰ্গো হেণ্ডলিঙৰ বাবে এটা নিৰ্দিষ্ট টাৰ্মিনেল গঢ়ি তোলা হ’ব। এই চুক্তিসমূহৰ লক্ষ্য হৈছে ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰা আৰু বৃদ্ধি পোৱা বাণিজ্যিক চাহিদাক সমৰ্থন কৰিবলৈ লজিষ্টিক ক্ষমতা বৃদ্ধি কৰা। এই প্ৰকল্পৰ সৈতে জড়িত বিষয়াসকলে সদৰি কৰে যে, "এম আই চি টি আৰু বাধাবন বন্দৰ দুয়োটাতে হোৱা উন্নয়নে বন্দৰৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু ভাৰতত ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।"