Advertisment

চলিত বৰ্ষত ১১.২ বিলিয়ন ডলাৰ উপাৰ্জনেৰে অভিলেখ ভাৰতৰ আই পি অ’ বজাৰৰ

আই পি অ’ৰ অৰ্থ হ’ল ইনিচিয়েল পাব্লিক অফাৰিং। গ্ল’বেল ডাটাৰ প্ৰতিবেদন অনুসৰি, ২০২৩ চনত ৫.৫ বিলিয়ন ডলাৰৰ পৰা ২০২৪ চনত ১১.২ বিলিয়ন ডলাৰলৈ দুগুণ বৃদ্ধি কৰি অভিলেখ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
sfd

ডিজিটেল ডেস্কঃ  ভাৰতৰ ইনিচিয়েল পাব্লিক অফাৰিং (আই পি অ’) বজাৰে উপাৰ্জনৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। গ্ল’বেল ডাটাৰ প্ৰতিবেদন অনুসৰি, ২০২৩ চনত ৫.৫ বিলিয়ন ডলাৰৰ পৰা ২০২৪ চনত ১১.২ বিলিয়ন ডলাৰলৈ দুগুণ বৃদ্ধি কৰি অভিলেখ সৃষ্টি কৰিছে।

Advertisment

আই পি অ’ৰ অৰ্থ হ’ল ইনিচিয়েল পাব্লিক অফাৰিং। ব্যক্তিগত মালিকাধীন কোম্পানী এটাই প্ৰথমবাৰৰ বাবে নিজৰ শ্বেয়াৰ জনসাধাৰণৰ ওচৰত আগবঢ়াই ৰাজহুৱা ব্যৱসায়িক কোম্পানীত পৰিণত হয়। বহু শ্বেয়াৰহোল্ডাৰ থকা এটা ব্যক্তিগত কোম্পানীয়ে নিজৰ শ্বেয়াৰৰ ব্যৱসায় কৰি ৰাজহুৱা হৈ মালিকীস্বত্ব লাভ কৰে। আই পি অ’ৰ জৰিয়তে কোম্পানীটোৱে ষ্টক এক্সচেঞ্জত নিজৰ নাম তালিকাভুক্ত কৰে।

এ এন আইৰ এক প্ৰতিবেদন অনুসৰি, গ্ল’বেল ডাটাৰ কোম্পানী প্ৰফাইলছ এনালাইষ্ট মূৰ্তি গ্ৰেণ্ডীয়ে ২০২৫ চনত ইয়াতকৈও ডাঙৰ সফলতাৰ প্ৰতিশ্ৰুতি দিছে। লগতে কয় যে, 'ভাৰতৰ আই পি অ' বজাৰখন ২০২৪ চনত দ্ৰুতগতিত বৃদ্ধি পাব আৰু উপাৰ্জন হ'ব ১১.২ বিলিয়ন ডলাৰ।

উল্লেখ্য যে,উল্লেখিত ৰাশি ২০২৩ চনত সংগ্ৰহ কৰা ৫.৫ বিলিয়ন ডলাৰৰ দুগুণতকৈও অধিক। ভাৰতৰ আই পি অ’ৰ উত্থান কেৱল সংখ্যাগত কৃতিত্ব নহয় , ই দেশৰ বিত্তীয় পৰিৱেশ তন্ত্ৰৰ বৃদ্ধি আৰু স্থিতিস্থাপকতাক প্ৰতিফলিত কৰে। আই পি অ’ৰ উত্থানে ভাৰতক পুঁজি সংগ্ৰহৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰে বুলিও উল্লেখ কৰে মূৰ্তি গ্ৰেণ্ডীয়ে।

আই পি অ’