ভাৰতৰ ঔদ্যোগিক উৎপাদন বৃদ্ধি, ২০২৪-ৰ নৱেম্বৰ মাহত ৫.২% লৈ বৃদ্ধি....

২০২৪-ৰ নৱেম্বৰত ঔদ্যোগিক উৎপাদন সূচাংক আছিল ১৪৮.৪ । ২০২৩-ৰ একেটা মাহত এই সংখ্যা আছিল  ১৪১.১ । ২০২৪ চনৰ নৱেম্বৰ মাহৰ খনন, উৎপাদন আৰু বিদ্যুৎ খণ্ডৰ বাবে ঔদ্যোগিক উৎপাদনৰ সূচাংক ক্ৰমে ১৩৩.৮, ১৪৭.৪ আৰু ১৮৪.১।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে (এম অ’ এছ পি আই) প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহত ভাৰতৰ ঔদ্যোগিক উৎপাদন সূচাংক (আই আই পি) বৃদ্ধিৰ হাৰ ৫.২ শতাংশত উপনীত হৈছে। যিটো ২০২৪ চনৰ অক্টোবৰ মাহত ৩.৫ শতাংশ আছিল ।

তথ্য অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহত খনি খণ্ডৰ বৃদ্ধিৰ হাৰ ১.৯ শতাংশ হোৱাৰ বিপৰীতে উৎপাদন খণ্ডৰ বৃদ্ধিৰ হাৰ নৱেম্বৰত ৫.৮ শতাংশ আছিল। বিদ্যুৎ খণ্ডত ৪.৪ শতাংশ বৃদ্ধিৰ হাৰ পঞ্জীয়ন কৰা হৈছে নৱেম্বৰ মাহত।