ভাৰতৰ আতিথ্য খণ্ডত উত্থানঃ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰলৈ বিনিয়োগৰ সোঁত

২০২৪ চনত ভাৰতৰ আতিথ্য খণ্ডৰ প্ৰদৰ্শন পূৰ্বৰ বছৰৰ সমতুল্য। অৱশ্যে  যদিও ২০২৪ ত বিনিয়োগৰ ধাৰা উল্লেখযোগ্যভাৱে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহলৈ গৈছে।

author-image
Tushar Pratim
New Update
ভাৰতৰ আতিথ্য খণ্ডত উত্থানঃ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰলৈ বিনিয়োগৰ সোঁত

ডিজিটেল ডেস্কঃ ২০২৪ চনত ভাৰতৰ আতিথ্য খণ্ডৰ প্ৰদৰ্শন পূৰ্বৰ বছৰৰ সমতুল্য। অৱশ্যে  যদিও ২০২৪ ত বিনিয়োগৰ ধাৰা উল্লেখযোগ্যভাৱে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহলৈ গৈছে। সম্পত্তি পৰামৰ্শদাতা JLL ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

Advertisment

JLL-এ জনোৱা মতে, ২০২৪ চনত প্ৰায় ২৫ খন হোটেল বিক্ৰি সম্পন্ন হ’ল। যাৰ অধিকাংশই আছিল ব্যৱসায়িক আৰু ভ্ৰমণস্থানত। আশ্চৰ্যজনকভাৱে এই হোটেলসমূহৰ অৰ্ধেক দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ। যেনে অমৃতসৰ, মথুৰা, বিকানেৰ আদি।

এই পৰিৱর্তনে পিছপৰা অঞ্চলসমূহত গুণগত মানৰ হোটেলৰ সুবিধা আগবঢ়াই আতিথ্য খণ্ডটোক অধিক বিস্তৃত কৰিছে। JLL ৰ মতে, ২০২৪ চনত বিনিয়োগকাৰীৰ মাজত যথেষ্ট বৈচিত্ৰতা দেখা গ'ল।

উচ্চ-মূলধনসম্পন্ন ব্যক্তি, পৰিয়াল-কাৰ্য্যালয়, আৰু ব্যক্তিগত হোটেল গৰাকীসকলে মিলি মুঠ ৫১ শতাংশ লেনদেনত অংশ গ্ৰহণ কৰিলে। তালিকাভুক্ত হোটেল কোম্পানীসকলে ৩৪ শতাংশ লেনদেনত অংশ লৈছিল। আৰু বাকি ৮ শতাংশ আৰু ৭ শতাংশ যথাক্ৰমে স্বত্বাধিকাৰী-চালক আৰু ৰিয়েল ইষ্টেট উন্নয়নকাৰীসকলৰ।

উল্লেখযোগ্যভাৱে, ২০২৪ চনত ২৮,২৮১ খন নতুন হোটেল কক্ষৰ (Greenfield projects) ঘোষণা হৈছে যি ২০২৩ চনৰ তুলনাত অধিক। ইয়ে খণ্ডটোৰ দীঘলীয়া সম্ভাৱনাৰ ওপৰত বিকাশকাৰীসকলৰ আত্মবিশ্বাস প্ৰতিপন্ন কৰে।

যদিও গুৱাহাটী বা শিলচৰৰ দৰে উত্তৰ-পূব ভাৰতৰ চহৰসমূহ প্ৰতিবেদনখনত উল্লেখ কৰা হোৱা নাই, এনে বিনিয়োগ ধাৰাই আগন্তুক সময়ত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰততো উন্নয়নৰ পথ মুকলি কৰিব বুলি বিশেষজ্ঞসকলে আশা কৰিছে।

JLL ইণ্ডিয়াৰ হোটেল আৰু আতিথ্য গোটৰ মেনেজিং ডাইৰেক্টৰ জয়দীপ ডাংয়ে কয়, "২০২৫ চনৰ প্ৰথম চতুৰ্থাংশই এক উদ্যমী হোটেল লেনদেন বজাৰ আৰম্ভ কৰিছে। আমি চেন্নাই আৰু গোৱাত ইতিমধ্যে দুটা লেনদেন সম্পন্ন কৰিছোঁ। অপাৰেটিং সম্পত্তি আৰু ভূমি খণ্ড উভয়ৰ প্ৰতি বিনিয়োগকাৰীৰ উৎসাহে এই খণ্ডৰ উজ্জ্বল ভবিষ্যৎ বুজাই দিয়ে।"

 

অৰ্থনীতি হোটেল