শক্তিশালী হৈছে দেশৰ অৰ্থনীতিঃ মে’ মাহত ২.০১ লাখ কোটি টকা জি এছ টি সংগ্ৰহ...

য়া একেৰাহে দ্বিতীয় মাহত জি এছ টিৰ ৰাজহ দুই লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ পৰা এইটোও ইংগিত পোৱা যায় যে দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ শক্তিশালী হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
াৈ

ডিজিটেল ডেস্কঃ  ২০২৫ চনৰ মে’ মাহত দেশৰ মুঠ সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ আছিল ২.০১ লাখ কোটি টকা। ২০২৪ চনৰ মে’ মাহত ১.৭২ লাখ কোটি টকাৰ তুলনাত ১৬.৪ শতাংশ বৃদ্ধি পাইছে।এই তথ্য দেওবাৰে বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত দিয়া হৈছে।

Advertisment

এয়া একেৰাহে দ্বিতীয় মাহত জি এছ টিৰ ৰাজহ দুই লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ পৰা এইটোও ইংগিত পোৱা যায় যে দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ শক্তিশালী হৈ উঠিছে। ২০২৫ চনৰ এপ্ৰিল মাহত সৰ্বকালৰ সৰ্বোচ্চ ২.৩৭ লাখ কোটি টকা জি এছ টি সংগ্ৰহ কৰা হৈছিল।,

মাৰ্চৰ তুলনাত এই পৰিমাণ ১৩ শতাংশ বৃদ্ধি পাইছিল। সেয়া বিত্তীয় বৰ্ষৰ অন্ত আৰু সালসলনিৰ সময় আছিল। কিন্তু মে’ মাহৰ শক্তিশালী তথ্যই দেখুৱাইছে যে এই বৃদ্ধি ঋতুভিত্তিক নহয় বৰঞ্চ ই অৰ্থনৈতিক শক্তিৰ দিশলৈহে আঙুলিয়াই দিয়ে। জি এছ টিৰ নিকা ৰাজহ (ৰিফাণ্ডৰ পিছত ৰাশি)ও ২০ শতাংশতকৈ অধিক বৃদ্ধি পাই ১.৭৩ লাখ কোটি টকা হৈছে।

দেশৰ ভিতৰৰ পৰা জি এছ টি সংগ্ৰহ ১৩ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে আমদানি ভিত্তিক ৰাজহ ২৫.৭ শতাংশ তীব্ৰভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতৰ সামগ্ৰিক অৰ্থনীতিও সুস্থিৰ গতিৰে আগবাঢ়িছে।

জি এছ টি