দেশৰ জিডিপিত ব্যক্তিগত খৰছৰ অংশীদাৰিত্ব বৃদ্ধি...

ভাৰতৰ জি ডি পি ইতিমধ্যে উৰ্ধগামী হৈছে। এই হাৰে ৬.২ৰ পৰা ৬.৫লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে কেইবাটাও অৰ্থনৈতিক সংস্থাই। এনে সময়তে দেখা পোৱা গৈছে যে,  ২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিত ব্যক্তিগত খৰছৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
kkkdd

ডিজিটেল ডেস্কঃ ভাৰতৰ জি ডি পি ইতিমধ্যে উৰ্ধগামী হৈছে। এই হাৰে ৬.২ৰ পৰা ৬.৫লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে কেইবাটাও অৰ্থনৈতিক সংস্থাই। এনে সময়তে দেখা পোৱা গৈছে যে,  ২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিত ব্যক্তিগত খৰছৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে।

Advertisment

অৰ্থনৈতিক সমীক্ষা সম্পৰ্কীয় সংস্থা ক্ৰাইচিলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। । ক্ৰাইছিলৰ মুখ্য অৰ্থনীতিবিদ ধৰ্মকৰ্তী যোশীচিলে সদৰী কৰিছে যে,  পূৰ্বৰ বছৰৰ তুলনাত বিপিএছৰ উৰ্ধমুখী পুনৰীক্ষণৰ ওপৰত জিডিপি ৯.২ শতাংশলৈ বৃদ্ধি পাইছে।

তেওঁ লগতে উল্লেখ কৰে যে, ‘আমি আশা কৰিছো যে অহা বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি ৬.৫ শতাংশ হ’ব, যাৰফলত স্বাভাৱিক মুদ্ৰাস্ফীতি হ্ৰাস আৰু চলিত মাহৰ আৰম্ভণিতে আৰম্ভ হোৱা ৰেট কাটছ ৭৫-১০০ ভিত্তি পইণ্টৰ হাৰ কৰ্তন হ’ব।’ উল্লেখযোগ্য যে, কৰ্পৰেটসমূহে লাভ কৰা আৰ্থিক নমনীয়তা আৰু কম লিভাৰেজ এতিয়াও সুস্থ বিনিয়োগলৈ পৰিণত হোৱা নাই।

যোশিয়ে লগতে কয়, শুল্ক ব্যৱস্থাৰ পৰা হোৱা  জটিলতা ইতিমধ্যে আৰম্ভ হৈছে। বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ৫.৬ শতাংশ, সংশোধিত পৰিসংখ্যাৰ তুলনাত ২০২৪-২৫ চনৰ তৃতীয় ত্ৰৈমাসিকত (অক্টোবৰ-ডিচেম্বৰ) জিডিপি বৃদ্ধিৰ হাৰ ৬.২ শতাংশলৈ বৃদ্ধি পাইছে।

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বৃদ্ধিৰ হাৰ এতিয়া ৬.৫ শতাংশ বুলি অনুমান কৰাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ১২ বছৰৰ উচ্চতম ৮.২ শতাংশলৈ সংশোধন কৰা হৈছে। ইফালে চলিত বিত্তীয় বৰ্ষৰ (এপ্ৰিল-জানুৱাৰী) প্ৰথম ১০ মাহৰ বিত্তীয় ঘাটি ১১.৭০ লাখ কোটি টকা বা বাৰ্ষিক অনুমানৰ ৭৪.৫ শতাংশ।

ভাৰত