বিগত ১০ বছৰত ভাৰতৰ জি ডি পি দুগুণ বৃদ্ধি...

এই ধাৰা অৱ্যাহত থাকিলে আৰু কেইবছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হ’ব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
বিগত ১০ বছৰত ভাৰতৰ জি ডি পি দুগুণ বৃদ্ধি

ডিজিটেল ডেস্ক : ভাল খবৰ ! বিগত ১০টা বছৰত বৃদ্ধি পাইছে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চমুকৈ জি ডি পি। ১০ বছৰত বৃদ্ধিৰ হাৰ হৈছে দুগুণ।  

Advertisment

তাৰোপৰি এই ধাৰা অৱ্যাহত থাকিলে আৰু কেইবছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হ’ব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফে এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ বিশ্বজুৰি হোৱা কোভিড মহামাৰীৰ সময়ছোৱাৰ অৰ্থনৈতিক বিপৰ্যয়ৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বিকাশ ঘটিছিল। 


আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ভাৰতৰ জিডিপি বৰ্তমানৰ মূল্য বা নাম মাত্ৰ জিডিপিত ১০৩.১% বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ই বিশ্বৰ দশম বৃহত্তম অৰ্থনীতিৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ গতি কৰিছে ।

india