ডিজিটেল ডেস্কঃ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিৰ হাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত ৬.৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। বিগত বছৰৰ জি ডি পি বৃদ্ধিৰ হাৰ আছিল ৮.২ শতাংশ। অৰ্থাৎ পূৰ্বৰ বছৰতকৈ এইবাৰ জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। এই তথ্য প্ৰকাশ কৰিছে ET-Crisil India ৰ এক প্ৰতিবেদনে।
প্ৰতিবেদনখনত কোৱা হৈছে ঋণৰ হাৰ অধিক হোৱাৰ লগতে ঋণ প্ৰদান নীতিৰ কাৰণে চহৰত চাহিদা কমিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ প্ৰভাৱ অৰ্থনীতিত পৰিছে।
প্ৰতিবেদনখনত আৰু কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজকোষৰ ঘাটি হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ কাৰণে বাজেট খৰচো কম হ'ব। এই কাৰকেও জিডিপি বৃদ্ধিত প্ৰভাৱ পেলাব।
আনহাতে চলিত বিত্তীয় বৰ্ষত মূদ্ৰাস্ফীতি বিগত বছৰৰ ৫.৪ শতাংশৰ পৰা হ্ৰাস হৈ ৪.৫ শতাংশ হ'ব পাৰে বুলিও ধাৰণা কৰা হৈছে। খাদ্য সামগ্ৰীৰ মূদ্ৰাস্ফীতিৰ পতনৰ বাবেই এনে হোৱাৰ সম্ভাৱনা আছে।
ET-Crisil India ৰ এই প্ৰতিবেদনত কৃষি আৰু আন্তৰ্জাতিক পৰিস্থিতিক লৈ উদ্বেগৰ কথা উল্লেখ কৰা হৈছে। অতিৰিক্ত আৰু অকাল বৃষ্টিৰ প্ৰভাৱৰ বাবে মূদ্ৰাস্ফীতি আৰু কৃষি আয়ত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলিও এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
মূদ্ৰাস্ফীতিৰ বৃদ্ধিৰ ক্ষেত্ৰত বিশ্বজুৰি সৃষ্টি হোৱা ৰাজনৈতিক উত্তেজনাৰ ফলত সামগ্ৰী সৰবৰাহ প্ৰণালীত প্ৰভাৱ পৰিলে, তেলৰ মূল্য বৃদ্ধিৰ ওপৰত বহুকথা নিৰ্ভৰ কৰিব।
প্ৰতিবেনখনত উল্লেখিত তথ্য মতে ভাৰতীয় অৰ্থনীতি ২০২৫ ৰ পৰা ২০৩১ চনৰ ভিতৰত ৬.৭ শতাংশ গড় হাৰত বৃদ্ধি হ'ব পাৰে আৰু ৭ ট্ৰিলিয়ন ডলাৰত উপনীত হোৱাৰ সম্ভাৱনা আছে।