ভাৰতৰ ফলমূলৰ ৰপ্তানি ৫ বছৰত ৪৭% বৃদ্ধি…

বিগত ৫বছৰত বৃদ্ধি পাইছে ভাৰতৰ ফলমূল ৰপ্তানিৰ হাৰ। এই ৫টা বছৰত ভাৰতৰ পৰা বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে ফলমূল।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ ফলমূলৰ ৰপ্তানি ৫ বছৰত ৪৭% বৃদ্ধি…

ডিজিটেল ডেস্ক : বিগত ৫বছৰত বৃদ্ধি পাইছে ভাৰতৰ ফলমূল ৰপ্তানিৰ হাৰ। এই ৫টা বছৰত ভাৰতৰ পৰা বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে ফলমূল। এই সময়ছোৱাত ফলমূলৰ ৰপ্তানি ৪৭.৫ শতাংশ বৃদ্ধি পোৱা বুলি শুকুৰবাৰে ৰাজ্যসভাত অৱগত কৰে বাণিজ্য আৰু উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদে।

Advertisment


প্ৰশ্নকালত পৰিপূৰকক উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ইউ এ ই আৰু অষ্ট্ৰেলিয়াৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ইউ এ ই আৰু অষ্ট্ৰেলিয়ালৈও ক্ৰমে ২৭ শতাংশ আৰু ৬শতাংশ ফলৰ ৰপ্তানি বৃদ্ধি কৰাত সহায় কৰিছে। উল্লেখযোগ্য যে, ভাৰতৰ পৰা ৰপ্তানি কৰা প্ৰধান ফল হৈছে আম, আঙুৰ, কল, আপেল, আনাৰস, ডালিম আৰু তৰমুজ। 

 

উল্লেখযোগ্য যে ভাৰতৰ পৰা ৰপ্তানি কৰা ফলমূলে বিশ্বৰ বিভিন্ন দেশত আদৰ পাবলৈ সক্ষম হৈছে। ৰপ্তানিৰ হাৰৰ এই উত্থান যদি এনেদৰে অৱ্যাহত থাকে, তেন্তে অনাগত দিনত আৰু ভাল ফলাফল আশা কৰিব পাৰি। ইফালে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

india govt