ডিজিটেল ডেস্কঃ বিৰাট কোহলিৰ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা এসময়ৰ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী। কোহলি-শাস্ত্ৰী যুটিৰ কথা সকলোৱে জানে। খেলপথাৰ কিম্বা সাজঘৰ ইজনে-সিজনৰ সকলো সময়তে একেবাৰে ওচৰত থকা দেখা যায়। কোহলিৰ প্ৰায়বোৰ কথাতে মতামত দিয়া দেখা যায় প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীক।
VIRAT KOHLI
উল্লেখ্য যে, দীৰ্ঘ সময়ৰ পাছত যেন ছন্দ ঘূৰাই পাইছে কিঙ কোহলিয়ে। কিয়নো অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ এখন মেচত ভাৰত মুখামুখি হৈছিল খেলপথাৰৰ চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে। দেওবাৰে অনুষ্ঠিত মেচখনত ভাৰতক যেন পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিছিল বিৰাটে।
মেচৰ পাছতে সামাজিক মাধ্যমত ৰবি শাস্ত্ৰীয়ে কয় যে, সমালোচকৰ মুখ বন্ধ কৰিলে বিৰাটৰ এটা ইনিংছে। বিৰাটে প্ৰমাণ কৰিলে তেওঁ যে এগৰাকী উচ্চমানৰ খেলুৱৈ। টি-২০ বিশ্বকাপৰ এই মঞ্চখনেই আছিল সঠিক মঞ্চ। পাকিস্তানৰ বলাৰৰ বিৰুদ্ধে খেলা প্ৰতিটো শ্বটে সময়োপযোগী শ্বট। অৱশ্যে শাস্ত্ৰীয়ে পৰৱৰ্তী সময়ৰ মেচসমূহতো কোহলি একেই ছন্দত থকাটো বিচাৰে।
টি-২০বিশ্বকাপঃ কোহলিৰ প্ৰশংসাত পঞ্চমুখ ৰবি শাস্ত্ৰী...
বিৰাটে প্ৰমাণ কৰিলে তেওঁ যে এগৰাকী উচ্চমানৰ খেলুৱৈ। টি-২০ বিশ্বকাপৰ এই মঞ্চখনেই আছিল সঠিক মঞ্চ
Ravi-Virat