Advertisment

দেশৰ খাদ্য প্ৰস্তুতকৰণৰ পিএলআই আঁচনিৰ অধীনত ২.৮৯ লাখ চাকৰি সৃষ্টি

সমগ্ৰ দেশৰ ২১৩ টা স্থানত এই উদ্যোগ খণ্ডত বিনিয়োগ হৈছে ৮৯১০ কোটি টকা। উল্লেখযোগ্য যে, খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ বাবে প্ৰডাকছন লিংক ইনছেনটিভ আঁচনি ২০২১ চনত গ্ৰহণ কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
e

ডিজিটেল ডেস্কঃ খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰডাকছন লিংক ইনছেনটিভে নিয়োগ খণ্ডত ২.৮৯ লাখ নতুন চাকৰি সৃষ্টি কৰিছে। ২০২৪ ৰ ৩১ অক্টোবৰলৈকে সংগ্ৰহ কৰা তথ্য অনুসৰি এই খাদ্য প্ৰস্তুতকৰণ উদ্যোগত এই নিয়োগ সম্ভৱ হৈছে।

Advertisment

খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এই আঁচনিৰ দেশৰ লাখ লাখ উদ্যোগীক সামৰি লৈছে। সমগ্ৰ দেশৰ ২১৩ টা স্থানত এই উদ্যোগ খণ্ডত বিনিয়োগ হৈছে ৮৯১০ কোটি টকা। উল্লেখযোগ্য যে, খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ বাবে প্ৰডাকছন লিংক ইনছেনটিভ আঁচনি ২০২১ চনত গ্ৰহণ কৰা হৈছিল।

কেন্দ্ৰীয় কেবিনেটে সেই বৰ্ষৰ ৩১ মাৰ্চৰ এই আঁচনিত অনুমোদন জনাইছিল। ইায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাজেটত ১০৯০০কোটি টকা আৱন্টন দিছিল। এই আঁচনি ৰূপায়ণৰ বাবে ২০২১-২২ ৰ পৰা ২০২৬-২৭ বৰষলৈকে সময় ধাৰ্য কৰা হৈছিল।

মূলতঃ কৃষিখণ্ডৰ খাদ্য প্ৰস্তুতকৰণ কৰাৰ ক্ষেত্ৰত এই আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে। স্থানীয় গাঁৱৰ যুৱক সকলক উদগণি জনোৱাৰ ক্ষেত্ৰত আঁচনিৰ আছে বিশেষ ব্যৱস্থা।

খাদ্য প্ৰস্তুতকৰণ