/asomiyapratidin/media/media_files/2025/06/06/DP7tNnIKTbigQ42Vaslm.jpeg)
ডিজিটেল ডেস্কঃ খনিজ সম্পদৰ ক্ষেত্ৰখনত ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰত। স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে দেশত নতুন সোণৰ খনিৰ কাম আৰম্ভ হ’বলৈ ওলাইছে ৷ এই খনিটো অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাৰ এটি অঞ্চল জোন্নাগিৰিত অৱস্থিত। ইয়াৰ পৰা প্ৰতি বছৰে প্ৰায় ৭৫০ কিলোগ্ৰাম সোণ উৎপাদন হোৱাৰ সম্ভাৱনা আছে।
ডেকান গোল্ড মাইনছ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ অধীনত এই প্ৰকল্পৰ কাম হ'ব, যিয়ে এতিয়া অন্ধ্ৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা খনন আৰম্ভ কৰিবলৈ অনুমোদন লাভ কৰিছে। জিঅ’মাইছ’ৰ চাৰ্ভিচেছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড নামৰ আন এটা কোম্পানীৰ সৈতে অংশীদাৰিত্বৰে এই খনিটো চলিব।
ডেকান গোল্ড মাইনছৰ পৰিচালন সঞ্চালক হনুমা প্ৰসাদ মোদালিৰ মতে, প্ৰথম বছৰত এই খনিটোৱে প্ৰায় ৪০০ কিলোগ্ৰাম সোণ উৎপাদন কৰিব আৰু সম্পূৰ্ণ ক্ষমতা লাভ কৰিলে বছৰি উৎপাদন ৭৫০ কিলোগ্ৰামলৈ বৃদ্ধি পাব।
লগতে তেওঁ কয় যে বিগত ৮০ বছৰৰ ভিতৰত ভাৰতত মুকলি হোৱা এইটোৱেই প্ৰথম সোণৰ খনি। এই ঘোষণাৰ পিছত বৃহস্পতিবাৰে ডেকান গোল্ড মাইনছৰ শ্বেয়াৰৰ মূল্য প্ৰায় ১০ শতাংশ জপিয়াই পৰে, যিয়ে প্ৰকল্পটোৰ প্ৰতি বজাৰৰ প্ৰবল আগ্ৰহ প্ৰকাশ কৰে।
উল্লেখ কৰা প্ৰয়োজন, খনিটোৰ পৰা ৰাজহ লাভৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে প্ৰথম বছৰত তেওঁলোকে ৩০০-৩৫০ কোটি টকাৰ ৰাজহ লাভ কৰাৰ আশা কৰিছে, যদিহে তেওঁলোকে ৬০% ইবিআইটিডিএ মাৰ্জিনত ৪০০ কিলোগ্ৰাম সোণ সংগ্ৰহ কৰাত সক্ষম হয়। ২০২৭ চনৰ বিত্তীয় বৰ্ষত এনে হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।