Advertisment

উৎসৱৰ সময়ত ভাৰতত অটোম’বাইলৰ বিক্ৰী ১২ শতাংশলৈ বৃদ্ধি...

অটোম’বাইল ডিলাৰৰ সংস্থা এফ এ ডি এয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ৩ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰৰ উৎসৱৰ সময়ছোৱাত ভাৰতত অটোম’বাইলৰ খুচুৰা বিক্ৰী ১২ শতাংশ বৃদ্ধি হৈ ৪২,৮৮,২৪৮ ইউনিট হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
car

ডিজিটেল ডেস্কঃ   অটোম’বাইলৰ খুচুৰা বিক্ৰীৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহটো অতি শুভ। শুকুৰবাৰে অটোম’বাইল ডিলাৰৰ সংস্থা এফ এ ডি এয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ৩ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰৰ উৎসৱৰ সময়ছোৱাত ভাৰতত অটোম’বাইলৰ খুচুৰা বিক্ৰী ১২ শতাংশ বৃদ্ধি হৈ ৪২,৮৮,২৪৮ ইউনিট হৈছে। যোৱা বছৰৰ উৎসৱৰ সময়ছোৱাত এই সংখ্যা আছিল ৩৮,৩৭,০৪০ ইউনিট। 

Advertisment

ভাৰতীয় সকলে উৎসৱৰ সময়ছোৱাত সাধাৰণতে বাহন ক্ৰয় কৰে। সেয়ে নৱৰাত্ৰিৰ আৰম্ভণিৰ পৰাই অটোম’বাইলৰ খুচুৰা বিক্ৰীৰ উত্থান পৰিলক্ষিত হৈছিল। বাহন বিক্ৰীৰ লক্ষ্য ৪৫ লাখ আছিল যদিও দক্ষিণ ভাৰতৰ অস্বাভাৱিক বৰষুণ আৰু ওড়িশাত হোৱা ঘূৰ্ণী বতাহৰ ফলত এই উত্থান ৪৩ লাখতে সীমাবদ্ধ হোৱা বুলি এফ ডি এয়ে জানিবলৈ দিয়ে।

এই সময়ছোৱাত দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় ১৪ শতাংশ বৃদ্ধি পাইছে। লগতে গাড়ীৰ বিক্ৰী ৭ শতাংশ বৃদ্ধি পাইছে। উৎসৱৰ সময়ছোৱাত বিশেষকৈ XUV বাহনৰ চাহিদা ৩২.৪ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে বাণিজ্যিক বাহনৰ খুচুৰা বিক্ৰী ১ শতাংশ বৃদ্ধি পাই ১,২৮,৭৩৮ ইউনিট হৈছে।

আনহাতে, তিনিচকীয়া বাহনৰ বিক্ৰী চলিত বৰ্ষত ৭ শতাংশ বৃদ্ধি পাই ১,৫৯,৯৬০ ইউনিট হৈছে। কিন্তু ট্ৰেক্টৰৰ বিক্ৰী ২ শতাংশ হ্ৰাস পাই ৮৫,২১৬ ইউনিট হৈছে। এই সংখ্যা ২০২৩ বৰ্ষত ৮৬,৬৪০ ইউনিট আছিল।

অটোম’বাইল