/asomiyapratidin/media/media_files/2025/06/30/276-2025-06-30-10-27-08.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ কৃষি খণ্ডৰ বাবে ভাল খবৰ। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰিছে এক প্ৰতিবেদন।
এই প্ৰতিবেদন অনুসৰি ২০১২ বিত্তীয় বৰ্ষৰ পৰা ২০২৪ বিত্তীয় বৰ্ষৰ এই ১২ বছৰৰ ভিতৰত ভাৰতৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ মুঠ মূল্য সংযোজিত চমুকৈ জি ভি এ তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। এই খণ্ডটোৱে ভাৰতীয় অৰ্থনীতিৰ মূল স্তম্ভ হিচাপে অৰিহণা যোগাবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, এই সন্দৰ্ভত চলোৱা সমীক্ষা অনুসৰি জি ডি পিত প্ৰায় ১৬ শতাংশ অৰিহণা যোগাইছে কৃষি খণ্ডই। একেদৰে এই খণ্ডই ৪৬ শতাংশতকৈ অধিক জনসংখ্যাক সহায় কৰিবলৈ সক্ষম হৈছে।
প্ৰতিবেদনত পোৱা গৈছে যে কৃষি জি ভি এ বিত্তীয় বৰ্ষত ১৫০০ হাজাৰ কোটি টকাতকৈ অধিক হোৱাৰ বিপৰীতে ২০২৪ বিত্তীয় বৰ্ষত ৪,৮০০ হাজাৰ কোটি টকাৰ ওপৰত বৃদ্ধি পাইছে। যিটো কেৱল যোৱা বিত্তীয় বৰ্ষৰ তুলনাত প্ৰায় ২২ শতাংশ বৃদ্ধি হৈছে।