/asomiyapratidin/media/media_files/2025/02/08/httFGi0W0twbDFZggZxk.jpg)
যোৱা চাৰি বছৰত বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ
ডিজিটেল ডেস্ক : ভাৰতৰ ৰপ্তানিখণ্ডকলৈ যথেষ্ট আশাবাদী কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীযুষ গোৱাল। ২০২৫ত ভাৰতৰ ৰপ্তানিয়ে অভিলেখ স্থাপন কৰি ৮০০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিব বুলি আশা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
শুকুৰবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী গোৱালে কয় যে ভাৰতৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত অভিলেখ সৃষ্টি কৰি ৮০০ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিব। ৰাজ্যসভাত গোৱালে কয়- "যোৱা চাৰি বছৰত ৰপ্তানি যথেষ্ট হাৰত বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষতো এই হাৰ বৃদ্ধি হ'ব। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমি ৮০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত ৰপ্তানিৰে বছৰটো শেষ কৰিম" বুলি তেওঁ আশা কৰে।