/asomiyapratidin/media/media_files/2025/02/09/rx0TRQgSSdR0mkVV8K12.jpg)
ডিজিটেল ডেস্কঃ ৰপ্তানিৰ ক্ষেত্ৰত ইতিহাস ৰচনাৰ দিশে আগবাঢ়িছে দেশ। শেহতীয়াকৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰা এক তথ্য অনুসৰি,২০২৪-২৫ বিত্তীয় বৰ্ষত ৮০০ বিলিয়ন মাৰ্কিন ডলাৰেৰে স্পৰ্শ কৰি ৰপ্তানিৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিব পাৰে ভাৰতে। যিটো দেশৰ অৰ্থনীতিৰ বাবে এক ইতিবাচক লক্ষণ।
ভাৰতে ২০২৫ চনৰ জুন মাহত সমাপ্ত হোৱা শস্য বৰ্ষৰ বাবে পিঁয়াজ, বিলাহী, আলুৰ উৎপাদন বৃদ্ধিৰ আশা কৰিছে। শুকুৰবাৰে ৰাজ্যসভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে যে, বিগত চাৰি বছৰত ভাৰতৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। এই উৰ্ধমুখী ধাৰা ২০২৪-২৫ বিত্তীয় বৰ্ষতো অব্যাহত থকাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে এইবেলি পিয়াঁজৰ উৎপাদন সৰ্বাধিক বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। এই উৎপাদন ১৯ শতাংশ বৃদ্ধিৰ সাক্ষী হ’ব। ইয়াৰ উপৰিও এই বছৰ ফল-মূল, বাগিচাৰ শস্য, মছলাৰ উৎপাদনো বৃদ্ধি পাব। কিন্তু ২০২৪ চনৰ তুলনাত মুঠ খেতিৰ পৰিমাণ কিছু হ্ৰাস পোৱা বুলি তেওঁ উল্লেখ কৰে।
ৰাজ্যসভাত কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাৰ এক প্ৰশ্নৰ উত্তৰত গোৱেলে ভাৰতৰ ৰপ্তানি হ্ৰাস পোৱা বুলি কৰা দাবীকো সম্পূৰ্ণ সত্য নহয় বুলি অভিহিত কৰি খাৰিজ কৰে। ইয়াৰোপৰি বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পোৱাৰ সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰি গোৱালে কয় যে, দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ধাৰাবাহিকভাৱে ৬০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত আছে।