অক্টোবৰ মাহত ভাৰতৰ অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি ৩৮.৫% বৃদ্ধি

দেশৰ অভিযান্ত্ৰিকখণ্ডৰ বাবে সু- খবৰ। ই ই পি চি ইণ্ডিয়াৰ প্ৰতিবেদনত প্ৰকাশিত খবৰ অনুসৰি দেশৰ অভিযান্ত্ৰিকখণ্ডত বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ। 

author-image
Asomiya Pratidin
New Update
ৰপ

ডিজিটেল ডেস্ক : দেশৰ অভিযান্ত্ৰিকখণ্ডৰ বাবে সু- খবৰ। ই ই পি চি ইণ্ডিয়াৰ প্ৰতিবেদনত প্ৰকাশিত খবৰ অনুসৰি দেশৰ অভিযান্ত্ৰিকখণ্ডত বৃদ্ধি পাইছে ৰপ্তানিৰ হাৰ। 

২০২৪ বৰ্ষৰ অক্টোবৰত ভাৰতৰ অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি ৩৮.৫৩ শতাংশ বৃদ্ধি পাইছে। যাৰ বাবে এই ৰপ্তানিৰ পৰিসৰে ১১.১৯ বিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিমান, মহাকাশযানৰ অংশ, জাহাজ, নাও আদিৰ নিৰ্মাণ কাৰ্যৰ বাবে যোগান ধৰা অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানিৰ  পৰিমাণ বৃদ্ধি পোৱাৰ বাবেই এই সফলতা লাভ কৰিছে ভাৰতে।

২০২৪-২৫ বিত্তীয় বৰ্ষৰ অক্টোবৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে লোহা আৰু তীখাৰ ৰপ্তানিয়ে ইতিবাচক সঁহাৰি লাভ কৰিছে। আগলৈও এই ধাৰা অৱ্যাহত থাকিলে নিশ্চিতভাৱে সুফল লাভ কৰিব পৰা যাব বুলি ই ই পি চিৰ অধ্যক্ষ পংকজ চাধাই আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে অক্টোব মাহত ভাৰতে আমেৰিকালৈ অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি ১৬ শতাংশ বৃদ্ধি কৰিছিল। সেই মূল্য হৈছিলগৈ ১.৬১ বিলিয়ন ডলাৰ। উল্লেখযোগ্য যে ২০২৩ৰ অক্টোবৰত ৩৪৮.৩ মিলিয়ন ডলাৰ অভিযান্ত্ৰিক সামগ্ৰী ভাৰতে ৰপ্তানি কৰিছিল। চলিত বৰ্ষৰ অক্টোবৰত এই ৰপ্তানিৰ হাৰ বৃদ্ধি হৈছে ১৩৭ শতাংশ।

ৰপ্তানি